তাৰ শেষ হাঁহিটো আৰু তাৰ শেষ উশাহকণ (সম্ভৱতঃ)!

এখন ফ'টো তেওঁ ছিংগাপুৰৰ অভিশপ্ত আইলেণ্ডটোলৈ গৈ থকাৰ সময়ৰ। লগতে আনখন ফ'টো তেওঁ সাগৰত সাঁতুৰি থকাৰ সময়ত অৱশ হৈ পৰাৰ সময়ৰ। যিখন ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। 

New Update
new ap web 2 (3)

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি আজি সামাজিক মাধ্যমতএটা আৱেগিক পোষ্ট দিছে ভগ্নী ড০ পামী বৰঠাকুৰে। তেওঁৰ এই আৱেগিক পোষ্টৰ পাছতে পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সৰৱ হৈ উঠিছে ৰাইজ।

পামীয়ে ক'লাজ বনাই প্ৰাণৰ শিল্পী গৰাকীৰ দুখন ফ'টো শ্বেয়াৰ কৰে। ইয়াৰে এখন ফ'টো তেওঁ ছিংগাপুৰৰ অভিশপ্ত আইলেণ্ডটোলৈ গৈ থকাৰ সময়ৰ। লগতে আনখন ফ'টো তেওঁ সাগৰত সাঁতুৰি থকাৰ সময়ত অৱশ হৈ পৰাৰ সময়ৰ। যিখন ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। 

ফ'টো তলত পামীয়ে লিখে যে- "His last smile and his last breath (probably)! Kills me every minute! I promise, I will never forget…#justiceforzubeengarg" । (তাৰ শেষ হাঁহিটো আৰু (সম্ভৱতঃ) তাৰ শেষ উশাহকণ ! প্ৰতি মিনিটত মই মৰিছো ! প্ৰতিশ্ৰুতি দিছো,মই কেতিয়াও নাপাহৰো...#justiceforzubeengarg)

উল্লেখ্য যে, ন্যায় বিচাৰি অবিৰতভাৱে দাবী জনাই আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰে। জুবিনৰ মৃত্যুৰ পাছৰে পৰা কেবাবাৰো সামাজিক মাধ্যমত তেওঁক সোঁৱৰি তেওঁৰ মৃত্যুৰ ন্যায়ৰ দাবী জনাই আহিছে পৰিয়ালৰ লোকে।

সকলোৰে মুঠতে এটাই দাবী ‘শীঘ্ৰে লাগে ন্যায়।’ ছিংগাপুৰত প্ৰকৃততে জুবিনৰ লগত কি হৈছিল? সেয়া দুৰ্ঘটনা নে অন্য কিবা? সকলোৰে এটাই প্ৰশ্ন আৰু কিমান দিন ৰখিব লাগিব?
জুবিন গাৰ্গ