Advertisment

কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ আৰম্ভ...

৭৮ সংখ্যাক পলাশবাৰী ৰাস মহোৎসৱ এইবাৰ প্ৰায় ১  কোটি টকাৰ বাজেটেৰে ১৫  নৱেম্বৰ পৰা ১৫  দিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।  মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে মৃন্ময় মূৰ্তি সমূহে...

author-image
Asomiya Pratidin
New Update
ৰাস

ডিজিটেল সংবাদ,পলাশবাৰীঃ ৭৮ সংখ্যাক পলাশবাৰী ৰাস মহোৎসৱ এইবাৰ প্ৰায় ১  কোটি টকাৰ বাজেটেৰে ১৫  নৱেম্বৰ পৰা ১৫  দিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।  মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে মৃন্ময় মূৰ্তি সমূহে ।  কাইলৈ সন্ধিয়া ৭ বজাত ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই। সন্ধিয়া ৭-৪৫ বজাত বন্তি প্ৰজ্বলন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।

Advertisment

ইয়াৰ পিছতে উদ্বোধনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে। সভাত বিশিষ্ট অতিথি হিচাপে সাংসদ বিজুলী কলিতা মেধি, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক ৰঞ্জন ভূঞা, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানৱজ্যোতি দাস, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক চৰ্জুন হাঞ্চে, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতা উপস্থিত থাকিব। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, পৰিচালক, অভিনেতা বিনোদ শৰ্মা, অনাতাঁৰ শিল্পী বিমলা কাকতি ভূঞাক শিল্পী সম্বৰ্ধনা জনোৱা হব।

১৬ আৰু ১৭ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত বিশিষ্ট ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক মঞ্চত মুকলি আৰু বন্তি প্ৰজ্বলন কৰিব। ১৮ নৱেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত ধৰ্মালোচনী সভাত মূখ্য আলোচক হিচাপে উপস্থিত থাকিব যুৱ সাংবাদিক এঞ্জেলা চাংমা, আলোচক হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত শিক্ষক কিৰণ কলিতা, ৮ বজাত সাংস্কৃতিক মঞ্চ মুকলি আৰু বন্তি প্ৰজ্বলন। ১৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত বিশিষ্ট ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক মঞ্চ মুকলি আৰু বন্তি প্ৰজ্বলন।

২০ নৱেম্বৰ সন্ধিয়া ৬ বজাত শিশু কৃষ্ণ, কৃষ্ণ যুগল ৰূপ প্ৰতিযোগিতা, শ্ৰীকৃষ্ণৰ ভক্তিমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা, ৬ বজাত সাংস্কৃতিক মঞ্চ মুকলি। ২১, ২২, ২৩, ২৪, ২৫, ২৬ নৱেম্বৰত প্ৰতিদিনে সাংস্কৃতিক মঞ্চ মুকলি, বন্তি প্ৰজ্বলন আদি অনুষ্ঠান অনুষ্ঠিত হ'ব। ২৭ নৱেম্বৰত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

 ২৮ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত বিশিষ্ট ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব। ২৯ নৱেম্বৰ তথা সামৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত মুখ্য সমাপক হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল, বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধি, হিমাংশু শেখৰ বৈশ্য, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত উপস্থিত থাকিব।

প্ৰায় ১ কোটি টকা ব্যয় সাপক্ষে আয়োজন কৰা ৰাস মহোৎসৱত প্ৰতিদিনে লক্ষধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰি উদ্যোক্তাসকলে। ৰাস মহোৎসৱৰ আটাইকেদিনৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

পলাশবাৰী