/asomiyapratidin/media/media_files/2024/11/30/9OjXyYCxNHoHT6saJ2IN.jpg)
ডিজিটেল ডেস্ক : “ ৰাস কেৱল পূজা নহয়। ৰাস আমাৰ সংস্কাৰ। ৰাসে আমাক সংস্কৃতিৱান কৰে। যদিহে শংকৰদেৱ –মাধৱদেৱ নাথাকিলহেতেন তেন্তে ৰাস কেৱল পূজা হৈ থাকিলহেঁতেন। মহাপুৰুষ দুজনাৰ কৃষ্টি আৰু সৃষ্টি তথা কেলিগোপাল নাটে আজি ৰাসক দিছে অন্য মাত্ৰা। কৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠগমনলৈ নামনি অসমৰ মৃণ্ময় ৰাসৰ যি মাহাত্ম, এই মাহাত্ম সৰ্বজনবিদিত। যাৰ দ্বাৰাই লোক সংস্কৃতিকে ধৰি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰ কৰাত উল্লেখযোগ্য বৰঙণি যোগাই এই ৰাসে। “- ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ সামৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।
/asomiyapratidin/media/media_files/2024/11/30/BT4NtzMPStBSk2XgHMfq.jpg)
লোকে লোকাৰণ্য হৈ পৰা ৰাস মহোৎসৱৰ বাকৰিত অনুষ্ঠিত সামৰণি সভাত মুখ্য অতিথিগৰাকীয়ে পলাশবাৰীৰ ভংগুৰ অৱস্থাৰ কথা সুঁৱৰি কেতবোৰ মন্তব্য কৰে। নদীৰ খহনীয়াই থানবান কৰা এসময়ৰ ব্যৱসায়িক ৰাজধানী পলাশবাৰী তেতিয়াৰ অৱস্থাৰ কথা ৰাইজক অৱগত কৰে। অঞ্চলটোৰ এই অৱস্থাৰ অৱসান ঘটোৱাৰ বাবে এগৰাকী সাংবাদিক হিচাপে কি কৰিব পাৰি, সেয়া চিন্তা কৰাৰ কথাও দোহাৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। আনহাতে উক্ত অনুষ্ঠানত ৰাধা- কৃষ্ণৰ প্ৰেমৰ সম্পৰ্কে মন্তব্য কৰি সত্যভমা আৰু ৰুক্মিণীৰ প্ৰসংগৰে ৰাসৰ তাৎপৰ্য্য ব্যক্ত কৰে মুখ্য অতিথিগৰাকীয়ে।
/asomiyapratidin/media/media_files/2024/11/30/nzdea5UmMqmRiM967tz2.jpg)
শুকুৰবাৰে অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট অতিথিৰ আসন অংলকৃত কৰে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশিষ্ট ব্যৱসায়ী অনুপ কুমাৰ মেধি আৰু হিমাংশু শেখৰ বৈশ্যই। লগতে মঞ্চৰ আসন শুৱনি কৰে পলাশবাৰী পৌৰসভাৰ বিষয়ববীয়া প্ৰমুখ্যে উদ্যোক্তাসকলে।
/asomiyapratidin/media/media_files/2024/11/30/XCUIurpkTKXF8aWTjOuA.jpg)
অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই পলাশবাৰী ৰাস মহোৎসৱৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে। ৰাস মহোৎসৱৰ আৰম্ভণিৰ দিনাৰ পৰা আজিৰ এই অন্তিমটো দিনলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নোহোৱাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে উদ্যোক্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2024/11/30/VEvhQTmb0EZA8wWXP1fb.jpg)
ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত ভূমিপূজনেৰে শুভাৰম্ভ কৰিব লগা পলাশবাৰী- শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ প্ৰকল্পৰ কথাও ৰাইজক অৱগত কৰে। এই দলঙখনে অনাগত দিনত নলবাৰী আৰু পলাশবাৰী ৰাসৰ সমন্বয়ৰ উন্মেষ ঘটাব বুলি বিধায়কগৰাকীয়ে ব্যক্ত কৰে।
/asomiyapratidin/media/media_files/2024/11/30/l5itEB09QG1oyUR9yA4z.jpg)
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুপ কুমাৰ মেধি আৰু হিমাংশু শেখৰ বৈশ্যয়ো ৰাস সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে। প্ৰকাশ মহন্তৰ ভাষণৰ আঁত ধৰি অনুপ কুমাৰ মেধিয়ে পলাশবাৰী অঞ্চলৰ পূৰ্বৰ অৱস্থাৰ কথা দোহাৰে।
/asomiyapratidin/media/media_files/2024/11/30/Pg2VntfFqkOcFfp6DLzT.jpg)
উল্লেখযোগ্য যে সভাৰ প্ৰাকমুহূৰ্তত অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথিকে ধৰি বিশিষ্ট অতিথিসকলক উদযাপন সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি, স্মাৰক, ফুলৰ থোপা আৰু স্মৃতিগ্ৰন্থ ৰাস ক্ৰীড়াৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ অন্তিমদিনা নিশা সাংস্কৃতিক অনুষ্ঠানৰে সফলভাৱে সামৰণি ঘটে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us