/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/703307d8-6586-4028-83fb-8da1721b2954/pak.jpg)
নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ
ডিজিটেল ডেস্কঃ বিশ্বৰ ক্ৰিকেট অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত। কিয়নো অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত বুধবাৰে প্ৰথমখন ছেমি ফাইনেলৰ বাবে খেলপথাৰত নামিছিল কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড আৰু বাবৰ আজম নেতৃত্বধীন পাকিস্তান।
মেচখনত টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি দলটোৱে নিৰ্ধাৰিত অভাৰত পাকিস্তানক জয়ৰ বাবে ১৫৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত পাকিস্তানে অধিনায়ক বাবৰ আজম আৰু ৰিজৱানৰ অৰ্ধ শতকৰ সহায়ত ১৯.১ অভাৰতে মাত্ৰ ৩টা উইকেটৰ ব্যৱধানত জয়লাভ কৰি ফাইনেলৰ দুৱাৰডলিত উপনীত হয়। ইয়াৰ লগে লগে বিশ্বকাপৰ পৰা বিদায় নিশ্চিত হয় নিউজিলেণ্ডৰ। অন্য়হাতে দ্বিতীয়খন ছেমিফাইনেলত অৱৰ্তীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰত আৰু ইংলেণ্ড।