/asomiyapratidin/media/media_files/2025/06/25/245-2025-06-25-23-51-12.jpg)
ডিজিটেল ডেস্ক : বাকী থকা সকলো বিষয় সম্পৰ্কত ভাৰতৰ সৈতে অৰ্থপূৰ্ণ আলোচনা কৰিবলৈ সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। এই কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ স্পষ্ট কৰিছে এক টেলিফোনিক বাৰ্তালাপত।
প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে, ইছলামবাদে ভাৰতৰ সৈতে অৰ্থপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ সাজু। এই আলোচনাই বাকী থকা সকলো সমস্যাৰ সমাধানৰ পথ মুকলি কৰিব বুলি আশাবাদী।
প্ৰণিধানযোগ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত ২৬ জন লোকৰ এই ঘটনাত মৃত্যু হৈছিল।
তাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ভাৰতে। ‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতে প্ৰত্যুত্তৰ দিছিল পাকিস্তানক।
নিশাৰ ভিতৰতে ভাৰতীয় বায়ু সেনাৰ সূদৰ্শন চক্ৰ- ৪০০ই তচনচ কৰিছিল পাকিস্তানৰ মিছাইল, ভূপতিত কৰিছিল ড্ৰোণ ইত্যাদি। এই আক্ৰমণ- প্ৰত্যাক্ৰমণৰ প্ৰায় দুমাহ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৰা এই মন্তব্যই দেশৰ ভিন্ন মহলত চৰ্চা লাভ কৰিছে।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সংবাদ সংস্থাত প্ৰকাশ পোৱা খবৰ অনুসৰি মঙলবাৰে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে পাক প্ৰধানমন্ত্ৰী শ্বৰীফৰ হৈছিল টেলিফোনিক বাৰ্তালাপ। এই বাৰ্তালাপত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সোমাই পৰা বিষয়সমূহৰ ওপৰত ভাৰতৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বার্তালাপৰ সময়ছোৱাত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পাকিস্তানে ভাৰতৰ সৈতে জম্মু-কাশ্মীৰ, জল, বাণিজ্য আৰু সন্ত্ৰাসবাদকে ধৰি সকলো বাকী থকা বিষয়ত অৰ্থপূৰ্ণ আলোচনাত মিলিত হ’বলৈ সাজু। অনুৰূপ ধৰণে মে’ মাহতো শ্বৰীফে ইৰাণ আৰু আজাৰবাইজানত থকাৰ সময়ত কাশ্মীৰ, সন্ত্ৰাসবাদ, জল আৰু বাণিজ্যকে ধৰি সকলো বাকী থকা সমস্যা সমাধানৰ বাবে ভাৰতৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ভাৰতে তেওঁৰ এই আহ্বানৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল।