/asomiyapratidin/media/media_files/2025/05/15/hBVdrJiRXlLsMtgZlFdA.jpg)
পাকিস্তানৰ পাৰমাণৱিক বোমাৰ ভাবুকিক ভয় নকৰে ভাৰতে
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে শ্ৰীনগৰত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। প্ৰথমেই পেহেলগাম আক্ৰমণত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে অপাৰেচন সিন্দূৰত প্ৰাণ হেৰুৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজনথ সিঙে। ইয়াৰ পিছত তেওঁ পাকিস্তান আৰু সন্ত্ৰাসবাদক তীব্ৰ সমালোচনা কৰে। "পাকিস্তানৰ দায়িত্বহীন পাৰমাণৱিক ভাবুকিয়ে ভাৰতৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ সংকল্পক বাধা দিব নোৱাৰিলে" বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/05/15/rHaqH3NsyAtoJXVCXkWO.jpeg)
ৰাজনাথ সিঙে অপাৰেচন সিন্দূৰক 'ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ পদক্ষেপ' বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "অপাৰেচন সিন্দূৰ কেৱল প্ৰতিৰক্ষাৰ ক্ষেত্ৰতে নহয়, প্ৰয়োজন সাপেক্ষে সাহসী সিদ্ধান্ত লোৱাৰ প্ৰতিশ্ৰুতি আছিল। প্ৰতিজন জোৱানৰ সপোন আছিল যে আমি প্ৰতিটো সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানত উপস্থিত হৈ তেওঁলোকক ধ্বংস কৰিম। সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি ভাৰতীয়ক হত্যা কৰিছিল, তেওঁলোকৰ কৰ্মৰ বাবে আমি তেওঁলোকক হত্যা কৰিছিলো। তেওঁলোকক নিৰ্মূল কৰাটো আমাৰ ধৰ্ম আছিল’ বুলিও উল্লেখ কৰে ৰাজনাথ সিঙে।
/asomiyapratidin/media/media_files/2025/05/15/3fb32XVsvhGLG77kyR2a.jpeg)
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে যে, "অপাৰেচন সিন্দুৰে পাকিস্তানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ গৰাকীলৈ এক উচ্চস্বৰ আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোক ক’তো সুৰক্ষিত নহয়। আমাৰ বাহিনীয়ে বিশ্বক দেখুৱাইছে যে তেওঁলোকৰ লক্ষ্য নিখুঁত।'
চৰকাৰ আৰু দেশৰ জনসাধাৰণে প্ৰতিটো খোজতে, প্ৰতিটো পৰিস্থিতিত সশস্ত্ৰ বাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিয়ে। তেওঁ আস্থা প্ৰকাশ কৰে যে সামৰিক বাহিনীৰ সহযোগত ভাৰতে অতি সোনকালে অঞ্চলটোত সন্ত্ৰাসবাদ নিৰ্মূল কৰিব, যাতে কোনেও জাতিটোৰ সাৰ্বভৌমত্বৰ ওপৰত বেয়া চকু নিক্ষেপ কৰিবলৈ সাহস নকৰে।
/asomiyapratidin/media/media_files/2025/05/15/etEevO1RwDtIn5rH2yjv.jpeg)
বৃহস্পতি বাৰৰ এই অনুষ্ঠানত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিং, জে এণ্ড কেৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা, সেনা কৰ্মচাৰীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি ভাৰতীয় সেনাৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।