পুঞ্চত পাক সেনাৰ গুলীচালনাঃ ৩ জনৰ মৃত্যু, গুৰুদ্বাৰা ক্ষতিগ্ৰস্ত...

এই ঘটনাত নিহত হৈছে অমৰিক সিং, অমৰজিৎ সিং আৰু ৰঞ্জিত সিং। উল্লেখ্য যে, পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে এই ঘটনাক নিন্দনীয় বুলি মন্তব্য কৰিছে।

author-image
Asomiya Pratidin
New Update
্ি্

ডিজিটেল ডেস্কঃ মঙলবাৰে গভীৰ নিশা ভাৰতে পাকিস্তানত সংঘটিত কৰা বিমান আক্ৰমণৰ পিছত আতংকৰ সৃষ্টি হৈছে পাকিস্তানত। এল অ’ চিৰ আশে-পাশে থকা অঞ্চলত পাকিস্তানী সেনাই অবিৰতভাৱে গুলীচালনা কৰি আছে।জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰত অৱস্থিত ঐতিহাসিক গুৰদ্বাৰা চাহাবৰ ভৱনটো পাকিস্তানী সেনাৰ গুলীত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। 

এই ঘটনাত ৩ জনকৈ নিৰীহ শিখে প্ৰাণ হেৰুৱালে। এই আক্ৰমণৰ পিছত এতিয়া পুঞ্চৰ বহু পৰিয়ালে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। এই ঘটনাত নিহত হৈছে অমৰিক সিং, অমৰজিৎ সিং আৰু ৰঞ্জিত সিং। উল্লেখ্য যে, পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে এই ঘটনাক নিন্দনীয় বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে, শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।এছ এ ডিৰ মুৰব্বী সুখবীৰ সিং বাদলে নিজ এক্স হেণ্ডেলত প্ৰকাশ কৰে যে, “পুঞ্চৰ পবিত্ৰ কেন্দ্ৰীয় গুৰদ্বাৰা শ্ৰী গুৰু সিং সভা চাহাবত পাকিস্তান সেনাই কৰা অমানৱীয় আক্ৰমণত তীব্ৰ গৰিহণা দিছো, য’ত ভাই অমৰিক সিং জী (ৰাগী সিং), ভাই অমৰজিৎ সিং আৰু ভাই ৰঞ্জিত সিংকে ধৰি তিনিজন  প্ৰাণ হেৰুৱালে।

ভাৰত-পাকিস্তান