ধন্যবাদ মোডীজী! প্ৰধানমন্ত্ৰীৰ প্ৰেমত পাকিস্তানী যুৱতী…

ধন্যবাদ মোডীজী! প্ৰধানমন্ত্ৰীৰ প্ৰেমত পাকিস্তানী যুৱতী…

author-image
asomiyapratidin
New Update
ধন্যবাদ মোডীজী! প্ৰধানমন্ত্ৰীৰ প্ৰেমত পাকিস্তানী যুৱতী…

ডিজিটেল ডেস্ক: হয় প্ৰধানমন্ত্ৰী মোডীৰ প্ৰেমত পৰিল পাকিস্তানৰ এগৰাকী যুৱতী। এই প্ৰেম কোনো যুৱক-যুৱতীৰ মাজত হোৱা তথাকথিত প্ৰেম নহয়। এই প্ৰেম শ্ৰদ্ধাপূৰ্ণ ভাৱে এজন দেশৰ নেতাৰ প্ৰতি ব্যক্ত কৰা আন্তৰিকতা।

Advertisment

ইউক্ৰেইনত আবদ্ধ হৈ আছিল পাকিস্তানৰ যুৱতী গৰাকী। নাম তেওঁৰ আছফা চাফিক। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা সেই যুৱতী গৰাকীক উদ্ধাৰ কৰি আনিৱে ভাৰতীয় দূতবাসৰ বিষয়াই। এক বিপদজনৰ পৰিৱেশৰ মাজত থকা যুৱতী গৰাকীক ভাৰত চৰকাৰে উদ্ধাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীত ধন্যবাদেৰে উপচাই দিছে তেওঁ।

ৰাজধানী কিয়েভ চহৰৰ পৰা উদ্ধাৰ কৰি আনি ইউক্ৰেইনৰ সুৰক্ষিত পশ্চিমীয়া অঞ্চললৈ আনি পাক যুৱতী গৰাকীক সুৰক্ষিত স্থানত আশ্ৰয় দিয়া হৈছিল।তাৰ পৰাই ঘৰলৈ সোনকালে উভতিব আছমা।

এটা ভিডিঅ' যোগে আছমাই ভাৰত চৰকাৰ, প্ৰধানমন্ত্ৰী মোডী আৰু কিয়েভত থকা ভাৰতীয় দূতবাসৰ বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰিছে। বহিৰাষ্ট্ৰ পাকিস্তানৰ এইগৰাকী যুৱতীয়ে নাপাহৰে এই সহায়ৰ কথা।

pakistan ukraine narendra modi russia