গুজৰাটৰ কাচ্চত পাকিস্তানী আত্মঘাটী ড্ৰ’ন প্ৰতিৰোধ

ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ আত্মঘাটি ড্ৰ’নৰ বিৰুদ্ধে বিমান প্ৰতিৰোধী বন্দুক এল-৭০ ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি আজি পুৱা প্ৰায় ৫ বজাত পঞ্জাৱৰ অমৃতসৰৰ খাছা সেনা শিবিৰৰ ওপৰতো কেইবাটাও সশস্ত্ৰ ড্ৰ’ন ধ্বংস কৰিছে বায়ু প্ৰতিৰক্ষা ইউনিটে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
sdfsf

ডিজিটেল ডেস্কঃ  গুজৰাটৰ কাচ্চত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কমেও ৬খনকৈ পাকিস্তানী আত্মঘাতী ড্ৰ’ন প্ৰত্যক্ষ কৰি ধ্বংস কৰে। প্ৰাপ্ত তথ্য অনুসৰি নলিয়া বায়ুসেনা ষ্টেচনৰ পৰা ৪খন আত্মঘাতী ড্ৰ’ন আৰু ভূজস্থিত আই এ এফৰ ঘাটিৰ পৰা দুখন ড্ৰ’ন ধ্বংস কৰে ভাৰতীয় সেনাই।

Advertisment

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ বিষয়াই কয় যে, ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ আত্মঘাটি ড্ৰ’নৰ বিৰুদ্ধে বিমান প্ৰতিৰোধী বন্দুক এল-৭০ ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি আজি পুৱা প্ৰায় ৫ বজাত পঞ্জাৱৰ অমৃতসৰৰ খাছা সেনা শিবিৰৰ ওপৰতো কেইবাটাও সশস্ত্ৰ ড্ৰ’ন ধ্বংস কৰিছে বায়ু প্ৰতিৰক্ষা ইউনিটে।

ইফালে ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানী সেনাৰ আক্ৰমণ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বহু পাকিস্তানী ড্ৰ’ন ধ্বংস কৰি ভাৰতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ শক্তি প্ৰদৰ্শন কৰিছে।

গুজৰাট