সীমান্তৱৰ্তী এলেকাৰ ২৬ স্থানত পাকিস্তানৰ ড্ৰোণ

বাৰামুল্লাৰ পৰা দক্ষিণৰ ভুজলৈকে ভাৰতৰ ২৬ টা স্থানত পাকিস্তানৰ ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে। স্থানসমূহ হৈছে- বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তীপোৰা, নগ্ৰোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, লালগড় জাট্টা, জয়ছালমেৰ, বৰমেৰ, ভুজ, কুয়াৰবেট আৰু লখী নলা। 

author-image
Asomiya Pratidin
New Update
সীমান্তৱৰ্তী এলেকাৰ ২৬ স্থানত পাক সেনাৰ ড্ৰোণ

সীমান্তৱৰ্তী এলেকাৰ ২৬ স্থানত পাক সেনাৰ ড্ৰোণ

ডিজিটেল ডেস্ক : ভাৰত- পাক সীমান্তৱৰ্তী এলেকাৰ ২৬টা স্থানত দেখা পোৱা গৈছে পাকিস্তানৰ ড্ৰোণ।  সীমান্তৱৰ্তী এলেকাত অৱ্যাহত আছে ড্ৰোণ যুদ্ধ। 

Advertisment

আন্তৰ্জাতিক সীমান্তৰ বাৰামুল্লাৰ পৰা দক্ষিণৰ ভুজলৈকে ভাৰতৰ ২৬ টা স্থানত পাকিস্তানৰ ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে। স্থানসমূহ হৈছে- বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তীপোৰা, নগ্ৰোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, লালগড় জাট্টা, জয়ছালমেৰ, বৰমেৰ, ভুজ, কুয়াৰবেট আৰু লখী নলা। 

উল্লেখযোগ্য যে, এই ড্ৰোণ ফিৰোজপুৰৰ এটা অসামৰিক এলেকাক লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল। ফলত স্থানীয় এটা পৰিয়ালৰ সদস্য গুৰুতৰভাৱে আহত হয়। 

ফিৰোজপুৰ আৰক্ষী অধীক্ষক ভূপিন্দৰ সিং সিদ্ধুৱে কয়- আমি ৩ জন লোক আহত হোৱাৰ তথ্য লাভ কৰিছো। ইতিমধ্যে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইফালে এই ড্ৰোণসমূহৰ অধিকাংশ ড্ৰোন সেনাই নিষ্ক্ৰিয় কৰি পেলোৱা বুলি সিদ্ধুৱে জানিবলৈ দিয়ে।

war