২৪ঘন্টাৰ ভিতৰত পাকিস্তান উচ্চায়ুক্তৰ এগৰাকী বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ...

দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত দ্বিতীয় গৰাকী বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। ২৪ঘন্টাৰ ভিতৰত এই বিষয়াজনক ভাৰতৰ এৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰই।

author-image
Asomiya Pratidin
New Update
yhyhggg

ডিজিটেল ডেস্কঃ দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত দ্বিতীয় গৰাকী বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। ২৪ঘন্টাৰ ভিতৰত এই বিষয়াজনক ভাৰতৰ এৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰই। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৩মেত পাকিস্তান উচ্চায়ুক্তৰ আনএগৰাকী বিষয়াক ভাৰত এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। 

Advertisment

আছহান ওৰ ৰহিম ওৰফে ডেনিছ নামৰ এই পাকিস্তানী বিষয়াগৰাকীৰ শেহতীয়া গতি-বিধিলৈ লক্ষ্য ৰাখি এই কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জ্যোতি মালহোত্ৰাৰ সৈতে চোৰাংচোৱাগিৰি ভিন্ন কামত এই বিষয়া দুগৰাকী জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে কেন্দ্ৰই। যাৰ বাবে এই নিৰ্দেশ ততাতৈয়াকৈ প্ৰদান কৰিছে কেন্দ্ৰই।

কেন্দ্ৰই এই নিৰ্দেশনা প্ৰদান কৰাৰ লগতে উচ্চায়ুক্তৰ আন বিষয়াসকলকো নিজৰ চৰকাৰী মৰ্যদা লাঘৱ বা ক্ষমতাৰ অপব্যৱহাৰ হোৱা কামত লিপ্ত নহবলৈ সকিয়নী প্ৰদান কৰিছে। ইতিমধ্যে ভাৰত এৰিবলৈ নিৰ্দেশ প্ৰদান কৰা দুগৰাকী বিষয়াই ভাৰতীয় সেনাৰ কাৰ্য-কলাপত চকু ৰাখি চোৰাংচোৱাগিৰি কৰাৰো অভিযোগ উত্থাপিত হৈছে। 

অপাৰেচন সিন্দুৰ