/asomiyapratidin/media/media_files/2025/06/25/pakistan-25-2025-06-25-15-51-51.jpg)
ডিজিটেল ডেস্কঃ পাৰমাণৱিক বোমা নিৰ্মাণৰ অভিযোগেকে ইজৰাইলে আত্ম সুৰক্ষাৰ বাবে ইৰাণ আক্ৰমণ কৰিছে। ইৰাণ গোপনে এইদৰে পাৰমাণৱিক বোমা নিৰ্মাণৰ কাৰ্যৰ বিৰোধিতাৰে আমেৰিকায়ো ইৰাণৰ বিৰুদ্ধে নামি পৰিছে যুদ্ধত। পাৰমাণৱিক বোমাক লৈ এইদৰে যুদ্ধৰ সূচনা হোৱাৰ সময়তে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
ভাৰতৰ বৈৰী ৰাষ্ট্ৰ তথা আমেৰিকাৰ পৰম মিত্ৰ হিচাপে পৰিগণিত হোৱা পাকিস্তানেও গোপনে আৰম্ভ কৰিছে আন এক পাৰমাণৱিক প্ৰকল্প। খবৰ অনুসৰি পাকিস্তানে অতি গোপণে নিৰ্মাণ কৰি আছে অতি শক্তিশালী পাৰমাণৱিক ক্ষেপণাস্ত্ৰ। এই পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ শক্তি ইমান বেছি যে, ই কেইবাখনো সাগৰ, মহাসাগৰ, পাহাৰ পৰ্বত অতিক্ৰম কৰি আমেৰিকা পৰ্যন্ত সেই দেশৰ ভূখণ্ডকো আঘাত কৰিব পাৰে।
অতি শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাই এই প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত ইছলামবাদে চীনৰ সহায়ত পাৰমাণৱিক অস্ত্ৰৰ মজুত বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে।
হোৱাইট হাউছৰ বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত কোৱা হৈছে যে যদিহে পাকিস্তানে বাস্তৱিকতে ইমান শক্তিশালী পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতাৰ দিশে অগ্ৰসৰ হয় তেন্তে ৱাশ্বিংটনে শীঘ্ৰেই এছিয়াৰ এই দেশখনক পাৰমাণৱিক বিৰোধী বুলি ঘোষণা কৰাৰ সম্ভাৱনাই অধিক।
উল্লেখ্য যে, ৱাশ্বিংটনে পাৰমাণৱিক অস্ত্ৰ মজুত থকা আৰু আমেৰিকাৰ বাবে ভাবুকি কঢ়িয়াই অনা দেশক পাৰমাণৱিক বিৰোধী হিচাপে চিনাক্ত কৰিছে। উল্লেখ্য যে, ইৰাণে গোপনে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ অভিযোগেৰেই ইৰাণৰ ওপৰত জপিয়াই পৰিছে ইজৰাইলৰ উপৰিও আমেৰিকা।
ইতিমধ্যে আমেৰিকাই দাবী কৰিছে তেওঁলোকে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আঘাত কৰি সেইসমূহ ধ্বংস কৰিছে। কিন্তু হোৱাইট হাউচৰ সূত্ৰতেই প্ৰকাশিত খবৰ অনুসৰি ইৰাণত এতিয়াও সুৰক্ষিত হৈ আছে পাৰমাণৱিক শক্তি। এনে সময়তে পাকিস্তানেও গোপনে আমেৰিকাক আঘাত কৰিব পৰাকৈ অতি শক্তিশালী পাৰমাণৱিক বোমা ক্ষেপণাস্ত্ৰ নিৰ্ণাৰ খবৰে আন এক জটিল পৰিস্থিতিৰ যে সূচনা কৰিব সেয়া স্পষ্ট হৈ পৰিছে।