"পাকিস্তানেহে ৩খন যুদ্ধ সংঘটিত কৰি সিন্ধু জল সন্ধিৰ আত্মাক উলংঘা কৰিলে"

১৯৬০ চনত এই সন্ধি কাৰ্যকৰী কৰা হৈছিল। সন্ধি কাৰ্যকৰী হোৱাৰ পাছতো ভাৰতৰ সৈতে তিনিখন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰি আহিছে পাকিস্তানে। এনেধৰণৰ ঘটনা সংঘটিত কৰি পাকিস্তানে সিন্ধু জল সন্ধিৰ মনোভাৱ উলংঘা কৰিছে।

author-image
Asomiya Pratidin
New Update
পাকিস্তানেহে ৩খন যুদ্ধ সংঘটিত কৰি সিন্ধু জল সন্ধিৰ আত্মাক উলংঘা কৰিলে

পাকিস্তানেহে ৩খন যুদ্ধ সংঘটিত কৰি সিন্ধু জল সন্ধিৰ আত্মাক উলংঘা কৰিলে

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰদূত পি হৰিশে সিন্ধু জল সন্ধি সন্দৰ্ভত কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ১৯৬০ চনত এই সন্ধি কাৰ্যকৰী কৰা হৈছিল। সন্ধি কাৰ্যকৰী হোৱাৰ পাছতো ভাৰতৰ সৈতে তিনিখন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰি আহিছে পাকিস্তানে। এনেধৰণৰ ঘটনা সংঘটিত কৰি পাকিস্তানে সিন্ধু জল সন্ধিৰ মনোভাৱ উলংঘা কৰিছে। নতুন দিল্লীয়ে আই ডব্লিউ টি স্থগিত ৰখাৰ সিদ্ধান্তক লৈ পাকিস্তানে যি ভুল তথ্য আগবঢ়াইছে সেই কথা প্ৰতিহত কৰিবলৈ ভাৰতে ৰাষ্ট্ৰসংঘত এইদৰে কয় ৰাষ্ট্ৰদূতগৰাকীয়ে ।

Advertisment

ইফালে, ভাৰতে সদায় এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে কাম কৰি আহিছিল বুলি উল্লেখ কৰি ভাৰতৰ ৰাষ্ট্ৰদূত পি হৰিশে সদৰি কৰে যে, ১৯৬০ চনৰ পৰা সন্ধি উলংঘা পাকিস্তানেহে অব্যাহত ৰাখিছে। তেওঁ দেশখনৰ ভুল তথ্য উদঙাই দিবলৈ কেইবাটাও দিশৰ ওপৰত আলোকপাত কৰে। লগতে ভাৰতে অৱশেষত কিয় এই ঘোষণা কৰিলে সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায়। "সন্ধিখন স্থবিৰ হৈ থাকিব যেতিয়ালৈকে সন্ত্ৰাসবাদৰ বিশ্বব্যাপী কেন্দ্ৰবিন্দু পাকিস্তানে বিশ্বাসযোগ্যভাৱে আৰু অপ্ৰত্যাহাৰ্যভাৱে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন শেষ নকৰে"। তেওঁ লগতে উল্লেখ কৰে "যোৱা চাৰিটা দশকত সন্ত্ৰাসবাদী আক্ৰমণত ২০,০০০ৰো অধিক ভাৰতীয় জীৱন হেৰুৱাইছে," 

আনহাতে ৰাষ্ট্ৰদূত পি হৰিশে লগতে সদৰি কৰে যে, ভাৰতে ৬৫ বছৰ পূৰ্বে সদিচ্ছাৰে আৰু সন্ধিৰ প্ৰস্তাৱনাত কোৱাৰ দৰে বন্ধুত্বৰ মনোভাৱেৰে এই সন্ধিত প্ৰৱেশ কৰিছিল।  প্ৰায় ছয় দশকজুৰি পাকিস্তানে ভাৰতত তিনিখন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰি সন্ধিৰ মনোভাৱ উলংঘা কৰিছে" বুলিও উল্লেখ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে।

ভাৰত-পাকিস্তান পাকিস্তান ৰাষ্ট্ৰদূত