একেৰাহে পঞ্চম দিনত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ...

প্ৰথমটো বৃহৎ যুদ্ধবিৰতি উলংঘা কাশ্মীৰক জম্মু সংমণ্ডলৰ পৰা পৃথক কৰা পীৰ পাঞ্জল ৰেঞ্জৰ দক্ষিণে সংঘটিত হয়। এতিয়ালৈকে কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত যুদ্ধবিৰতি উলংঘা কেন্দ্ৰীভূত হৈছিল যদিও যোৱা নিশা পুঞ্চ খণ্ডত লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
fff

ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তান সেনাই এল অ’ চিৰ সীমান্তৱৰ্তী অঞ্চল সমূহত গুলীচালনা কৰি থকা তথ্য পোৱা গৈছে। ২৮ আৰু ২৯ এপ্ৰিলৰ নিশা পাকিস্তানী সেনাই কুপৱাৰা, বাৰামুল্লা জিলাৰ লগতে আখনূৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে ক্ষুদ্ৰ অস্ত্ৰ নিক্ষেপ কৰে।

Advertisment

লগে লগে ভাৰতীয় সেনাই ফলপ্ৰসূভাৱে পাকিস্তানক সঁহাৰি জনায়। দেওবাৰে পাকিস্তানী সেনাই পুনৰ যুদ্ধবিৰতি উলংঘা কৰে। প্ৰথমটো বৃহৎ যুদ্ধবিৰতি উলংঘা কাশ্মীৰক জম্মু সংমণ্ডলৰ পৰা পৃথক কৰা পীৰ পাঞ্জল ৰেঞ্জৰ দক্ষিণে সংঘটিত হয়। এতিয়ালৈকে কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত যুদ্ধবিৰতি উলংঘা কেন্দ্ৰীভূত হৈছিল যদিও যোৱা নিশা পুঞ্চ খণ্ডত লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। ইয়াৰ পৰাই পাকিস্তানৰ আতংক স্পষ্টকৈ দেখা যায়।

পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰা এইবাৰ ধাৰাবাহিকভাৱে পঞ্চম দিন। ইয়াৰ পূৰ্বে সোমবাৰেও জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সৈন্যই অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লৈ যুদ্ধবিৰতি উলংঘা কৰিছিল, ভাৰতীয় সেনায়ো ইয়াৰ প্ৰত্যুত্তৰ দিছিল।

ভাৰত-পাকিস্তান