ৰেল হাইজেকঃ পাক সেনাৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ, ৩৩ জন সন্ত্ৰাসবাদী নিহত...

পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফে কয় যে, নিৰাপত্তা বাহিনীয়ে সেই স্থানত উপস্থিত থকা ৩৩ জন বিদ্ৰোহীক হত্যা কৰিছে। শস্ত্ৰ বাহিনীয়ে সকলো সন্ত্ৰাসবাদীক হত্যা কৰি সকলো যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰি অভিযান সফলতাৰে সম্পূৰ্ণ কৰে।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল ডেস্কঃ  পাকিস্তানৰ জাফ্ফৰ এক্সপ্ৰেছ ৰে’লৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে। পাক সেনাই ৩৪৬ জন পণবন্দীক উদ্ধাৰ কৰিছে। ২৪ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই অভিযানত ৰে’লখন অপহৰণ কৰা ৩৩ জন বেলুচ লিবাৰেচন আৰ্মীৰ সদস্য নিহত হয়। 

Advertisment

সমগ্ৰ  ঘটনা সন্দৰ্ভত পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফে কয় যে, নিৰাপত্তা বাহিনীয়ে সেই স্থানত উপস্থিত থকা ৩৩ জন বিদ্ৰোহীক হত্যা কৰিছে। বুধবাৰে সন্ধিয়া সশস্ত্ৰ বাহিনীয়ে সকলো সন্ত্ৰাসবাদীক হত্যা কৰি সকলো যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰি অভিযান সফলতাৰে সম্পূৰ্ণ কৰে।

উল্লেখ্য যে, বেলুচিস্তান প্ৰদেশৰ বোলান জিলাৰ এটা সুৰংগত মঙলবাৰে জাফৰ এক্সপ্ৰেছ ৰে’লখন প্ৰৱেশ কৰাৰ সময়তে হাইজেক কৰিছিল সন্ত্ৰাসবাদীয়ে । সেই সময়ত ৰে'লখনত আছিল ৪৫০ যাত্ৰী। এই ঘটনাত চাৰিজন অৰ্ধসামৰিক জোৱানো নিহত হয়। 

আৰক্ষী বিষয়াসকলে জনোৱা মতে, ৯টা ডবাত প্ৰায় ৪০০ যাত্ৰী কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছ ৰে’লখনে কুৱেটৰ পৰা খাইবাৰ পখতুনখোৱাৰ পেছাৱাৰ অভিমুখে গৈ থকা অৱস্থাত বিদ্ৰোহীসকলে বিস্ফোৰক ব্যৱহাৰ কৰি ৰে’লখনত আক্ৰমণ কৰিছিল।

পাকিস্তান