/asomiyapratidin/media/media_files/2025/05/09/1SL580O2wSX2IlyXF0TV.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত বিশ্বাসঘাটকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি পাইছে ! দেশদ্ৰোহী এই বিশ্বাসঘাটকৰ কথা সামাজিক মাধ্যমত গণি গণি লিখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই। নিজৰ সামাজিক মাধ্যমৰ একাউন্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৰি কৰিলে শেহতীয়াকৈ দেশক বিশ্বাসঘাটক কৰা ৩জন লোকৰ নাম।
কাছাৰ আৰক্ষীয়ে অতি শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে নাচিম উদ্দিন লস্কৰ নামৰ ব্যক্তিজনক। সমান্তৰালভাৱে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন দুজন লোকক। ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে আৰিফ ৰেহমান আৰু আবুবিন মিৰাজ উদ্দিন এছ কেকক।
ইয়াৰ পূৰ্বে ভাৰত-পাকিস্তানৰ শেহতীয়া পৰিস্থিতি পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল ৪৫ জন লোক। ইয়াৰ ভিতৰত আছিল এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ দৰে জনপ্ৰতিনিধি।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰি দেশৰ ভিতৰতে থকা দেশৰ শত্ৰুৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান আগন্তুক দিনবোৰতো অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ ড০ শৰ্মাই দেশক বিৰোধিতা কৰি এই সংকটকালীন অৱস্থাত পাকিস্তানৰ পক্ষত থিয় দিয়া সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে।
আনকি তেনে লোকক ঠেং ভাঙি দিম বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। যি সময়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই পৰম বিক্ৰমেৰে যুঁজ দিছে সেই সময়ত এচাম ভাৰতীয়ৰ এনে স্থিতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
অপাৰেচন সিন্দুৰৰ পাছত এতিয়া দুই দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ আৰু তীব্ৰ হৈ পৰিছে। তাৰ মাজতে একাংশ লোকে পাকিস্তানৰ সমৰ্থনত কৰা মন্তব্য দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে।