Champions Trophy: সকলো দেশৰ আছে কিন্তু পাকিস্তানৰ ষ্টেডিয়ামত নাই ভাৰতৰ পতাকা!

১৯ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব চেম্পিয়নছ ট্ৰফী। টুৰ্ণামেন্টৰ প্ৰথমখন খেল অনুষ্ঠিত হব পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত। ১৯৯৬চনৰ পিছত পাকিস্তানে প্ৰথমবাৰৰ বাবে আই চি চি টুৰ্ণামেন্ট আয়োজনৰ দায়িত্ব লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
Champions Trophy

Champions Trophy

Champions Trophy: ১৯ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব চেম্পিয়নছ ট্ৰফী। টুৰ্ণামেন্টৰ প্ৰথমখন খেল অনুষ্ঠিত হব পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত। ১৯৯৬চনৰ পিছত পাকিস্তানে প্ৰথমবাৰৰ বাবে আই চি চি টুৰ্ণামেন্ট আয়োজনৰ দায়িত্ব লাভ কৰিছে।

Advertisment

সুৰক্ষাগত কাৰনত টীম ইণ্ডিয়াই পাকিস্তানত মেচ নেখেলে। ইয়াৰ পৰিৱৰ্তে চেম্পিয়নছ ট্ৰফীৰ সকলোবোৰ মেচ ভাৰতে খেলিব ডুবাইত। ইয়াৰ মাজতে পাকিস্তানে কৰা এক নিকৃষ্ট কাণ্ডৰ খবৰ আহিছে। যাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ অনুসৰি, চেম্পিয়নছ ট্ৰফী আয়োজন দেশ হিচাপে পাকিস্তান কাৰাছী নেচনেল ষ্টেডিয়ামত সকলো দেশৰে পতাকা লগাইছে। কিন্তু লক্ষ্যণীয়ভাৱে এই দেশসমূহৰ পতাকাৰ শাৰীত নাই ভাৰতৰ পতাকা। 

পাকিস্তানৰ এই কাণ্ডক লৈ সামাজিক মাধ্যমৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এই বিষয়টোক লৈ পাকিস্তান ক্ৰিকেট বৰ্ডে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। এনে চৰ্চাও চলিছে যে, ভাৰতে পাকিস্তানত মেচ নেখেলাৰ বাবেই পাকিস্তান ক্ৰিকেট বৰ্ডে ভাৰতৰ কোনো পতাকা ষ্টেডিয়ামত লগোৱা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, চেম্পিয়নছ ট্ৰফীৰ মেচ সমূহত ভাৰতীয় খেলুৱৈসকলৰ সুৰক্ষাগত দিশটোৰ কথা দোহাই দি বি চি চি আয়ে পাকিস্তানত খেল খেলাৰ বাবে অনীহা প্ৰকাশ কৰিছিল। তাৰ পিছতে আই চি চিয়ে সিদ্ধান্ত লয় যে, ভাৰতে সকলোবোৰ মেচ খেলিব ডুবাইত। 

 

ক্ৰিকেট