/asomiyapratidin/media/media_files/2025/05/26/lNY5pwYvAQp9jEHDPbpC.jpg)
ডিজিটেল ডেস্কঃ সচাঁকৈয়ে লাজ নাই পাকিস্তানৰ। লজ্জাহীন পাকিস্তানে সময়ে সময়ে কৰি অহা কাম-কাজক লৈ প্ৰায়ে চৰ্চা হয়। কিন্তু এইবাৰ পাকিস্তানৰ লজ্জাহীন কাণ্ড দেখিলে আপোনাৰো হাঁহি উঠিব। ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ মূল মূল স্থানত আক্ৰমণ কৰি তচনচ কৰাৰ পাছতো পাকিস্তানে মিছা আত্মসন্তুষ্টি লবলৈ কৃপনালি কৰা নাই।
শেহতীয়াকৈ পাকিস্তান চৰকাৰ আৰু সেনা উচ্চ পদস্থ বিষয়াসকলে বিজয় দিৱস উদযাপন কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজে এক নৈশ ভোজৰ আয়োজন কৰি সকলো উচ্চ পদস্থ বিষয়াসকলক আমন্ত্ৰণ কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ সেনা প্ৰধান অছীম মুনিৰক এখন বিশেষ ফটোগ্ৰাফ উপহাৰ দিয়ে।
পাকিস্তান চৰকাৰৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে যে, পাক প্ৰধানমন্ত্ৰীয়ে সেনা প্ৰধানক উপহাৰ দিয়া এই ফটোগ্ৰাফত পাকিস্তানৰ বীৰত্ব প্ৰকাশ পাইছে। ভাৰতক আক্ৰমণ কৰাৰ সময়ত পাকিস্তানী সেনাই যি ৰকেট ব্যৱহাৰ কৰিছিল, সেই সময়ত তোলা এখন ফটোগ্ৰাফ পাক সেনা প্ৰধানক দিয়া হৈছে বুলি পাকিস্তানৰ চৰকাৰে উল্লেখ কৰিছে।
কিন্তু পাকিস্তান চৰকাৰে এই বিবৃতি প্ৰকাশ কৰাৰ পাছতহে ওলাল আঁচল কথা। দৰাচলতে এই ফটোখন পাকিস্তানী সেনাৰ নহয়েই। ২০১৯চনত চীনে যুদ্ধাভ্যাসৰ সময়ত তোলা ফটোহে এইখন। চীনৰ পি এল পি আৰু চীনা সেনাৰ ৱেবচাইটত এতিয়াও আছে উক্ত ফটোখন।
কিন্তু অতি হাস্যকৰভাৱে পাকিস্তানে এই ফটোখনকে ভাৰতৰ বিৰুদ্ধে কৰা আক্ৰমণৰ সময়ৰ ফটো বুলি প্ৰধানমন্ত্ৰীয়ে উপহাৰ দিলে সেনা প্ৰধানক। এই কাণ্ডৰ পিছতে এতিয়া বিশ্বৰ প্ৰেক্ষাপটত পুনৰ পাকিস্তান এতিয়া হাঁহিয়াতৰ পাত্ৰ হৈছে।