/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/daf02cc2-02a2-424b-a397-70b78e54e3a2/WhatsApp_Image_2022_10_01_at_05_30_29.jpeg)
PAKISTAN
ডিজিটেল ডেস্কঃ ভাৰতত নিষিদ্ধ হ'ল পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট। টুইটাৰে আইনী দাবীৰ প্ৰতি সঁহাৰী জনাই পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট আঁতৰাই দিছে সবুলি প্ৰকাশ কৰিছে। সংবাদ সংস্থা এ এন আইয়ে এই সম্পৰ্কে এখন স্কৃণশ্বট শ্বেয়াৰ কৰিছে য'ত লিখা আছে- একাউণ্ট উইথহেল্ড।
উল্লেখ্য যে, পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট এয়াই প্ৰথমবাৰৰ বাবে ভাৰতত নিষিদ্ধ কৰা হোৱা নাই। ইয়াৰ পূৰ্বেও ভাৰতত পাকিস্তান চৰকাৰৰ অফিচিয়েল টুইটাৰ একাউণ্ট নিষিদ্ধ কৰা হৈছিল। বিগত জুলাই মাহত নিষিদ্ধ কৰা হৈছিল পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্ট।
অৱশ্যে পৰৱৰ্তী সময়ত উঠাই লোৱা হৈছিল এই নিষেধাজ্ঞা। টুইটাৰৰ গাইডলাইন অনুসৰি মাইক্ৰ'ব্লগিং ছাইট টুইটাৰে আইনী দাবীৰ প্ৰতি সঁহাৰী জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান টুইটাৰত পাকিস্তান চৰকাৰৰ একাউণ্ট বন্ধ হৈ আছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তথ্য আৰু জনসংযোগ মন্ত্ৰণালয়ে ১৬টাকৈ ইউটিউব চেনেল যাৰ ভিতৰত পাকিস্তানৰ ৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিছিল। এই ইউটিউব চেনেল কেইবাৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভুৱা তথ্য প্ৰচাৰ, ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি প্ৰদান, বৈদেশিক সম্পৰ্ক বিঘ্নিতকৰণ আদিৰ দৰে গুৰুতৰ অভিযোগ।
ইয়াৰ পূৰ্বেও ভাৰতত পাকিস্তানৰ আন বহু ইউটিউব চেনেল নিউজ চেনেল নিষিদ্ধ কৰাৰ লগতে পাকিস্তান চৰকাৰৰ কেইবাটাও অফিচিয়েল টুইটৰ একাউণ্ট নিষিদ্ধ কৰিছিল।