পুনৰ ভাৰতলৈ মূৰ তুলি নাচাবলৈ পাকিস্তানক সকিয়নী...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হৈ পাকিস্তানক কঠোৰ সকিয়নী দিয়াৰ পাছেতে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ অনুৰাগ ঠাকুৰেও পাকিস্তানক ৰঙা চকু দেখুৱালে চকু উলিয়াই অনাৰ ভাবুকি প্ৰদান কৰে।

New Update
yhyhৰৰ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হৈ পাকিস্তানক কঠোৰ সকিয়নী দিয়াৰ পাছেতে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ অনুৰাগ ঠাকুৰেও পাকিস্তানক ৰঙা চকু দেখুৱালে চকু উলিয়াই অনাৰ ভাবুকি প্ৰদান কৰে।

Advertisment

হিমাচলত অনুৰাগ ঠাকুৰে কয় যে, পাকিস্তানে সন্ত্ৰাসবাদক পশ্ৰয় দি ভাৰতৰ সৈতে যুজ দিয়াৰ পৰিকল্পনা কৰি আছে। তেওলোকৰ এনেবোৰ লজ্জাজনক কৰ্মকাণ্ডৰ বাবেই পাকিস্তানৰ সৈতে হোৱা দুবাৰকৈ প্ৰত্যক্ষ যুদ্ধত ভাৰতে তেওলোকক ধৰাশায়ী কৰিছে। শেহতীয়াকৈ অপাৰেচন সিন্দূৰৰ জৰিয়তেও পাকিস্তানক বুজাই দিয়া হৈছে যে, ভাৰতত ফালে চকু দিলে তেওলোকৰ চকু উলিয়াই অনা হ'ব।

 অনুৰাগ ঠাকুৰে লগতে পাকিস্তানক কঠোৰ সকিয়নী প্ৰদান কৰি কয় যে, ভৱিষ্যতে যদি ভাৰতত কোনো কূটাঘাতমূলক কাম-কাজ কৰাৰ কথা পাকিস্তানে চিন্তাও কৰে, তেন্তে তেওলোকৰ অৱস্থা এনে কৰা হব যে, জনাজা দিবলৈ আৰু জনাজাত কান্দিবলৈও কোনো নাথাকিব। 

ভাৰত-পাকিস্তান