/asomiyapratidin/media/media_files/2025/03/15/ILrc05DHFYSGyKq0X3Nu.jpg)
ডিজিটেল ডেস্কঃ নিজ দেশত সন্ত্ৰাসবাদ ৰোধিব নোৱাৰা পাকিস্তানে এইবাৰ ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰিলে বিস্ফোৰক অভিযোগ। কিছুদিনৰ পূৰ্বে পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হোৱা ট্ৰেইন হাইজেকৰ ঘটনাক লৈ যোৱা শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে পাক সেনা প্ৰধান শ্বৰীফ চৌধুৰী আৰু বেলুচিস্তানৰ মুখ্যমন্ত্ৰীয়ে।
উক্ত সংবাদমেলত পাকিস্তানৰ সেনা প্ৰধানে এই সমগ্ৰ ঘটনাৰ সৈতে ভাৰত জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে। কেৱল এয়াই নহয়, এই সমগ্ৰ ঘটনাৰ প্লেনিং দিল্লীৰ পৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে পাক সেনা প্ৰধানে। এই সমগ্ৰ ঘটনাৰ প্ৰযোজক ভাৰত বুলি কটাক্ষ কৰে পাকিস্তানে।
সংবাগমেলত শ্বৰীফ চৌধুৰীয়ে কয় যে, পাকিস্তানত সন্ত্ৰাসবাদক অধিক বৃদ্ধি কৰাৰ মানসেৰে ভাৰতে এনে নিকৃষ্ট ৰণনীতিৰ আশ্ৰয় লৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভাৰতৰ সংবাদমাধ্যমে সন্ত্ৰাসবাদীসকলক সমৰ্থন কৰি বাতৰি প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰে তেওঁ। পাকিস্তানক বদনাম কৰিবলৈহে ভাৰতে এনে কাম কৰা বুলি কয় শ্বৰীফ চৌধুৰীয়ে।
ইফালে পাকিস্তানৰ এই অভিযোগ খণ্ডন কৰিছে ভাৰতে। ভাৰতে পাকিস্তানক প্ৰত্যুত্তৰ দি কয় যে, পাকিস্তানে প্ৰথমে আফগানিস্তানৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল। যেতিয়া গম পালে যে, তেওঁলোকৰ মাটিত থাকিয়েই তেওঁলোকৰ মানুহেই এই কাম কৰিছে, এতিয়া এই সমগ্ৰ ঘটনাৰ দোষ ভাৰতলৈ ঠেলিছে। পাকিস্তানৰ এনে কাণ্ড পুৰণি বুলি কটাক্ষ কৰে ভাৰতীয় বিদেশ মন্ত্ৰালয়ে।