/asomiyapratidin/media/media_files/2025/05/11/IHSoazDV2JKCSTeMcGSK.jpg)
ডিজিটেল ডেস্কঃ ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত নিয়ন্ত্ৰণ ৰেখাত আৰ্টিলাৰী আৰু গুলীচালনাত পাকিস্তানী সেনাই প্ৰায় ৩৫ৰ পৰা ৪০জন জোৱান হেৰুৱাইছে বুলি দেওবাৰে সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে সংবাদমেলত প্ৰকাশ কৰে।
ৰাজীৱ ঘাইয়ে লগতে এই সংঘাতত ভাৰতৰ ৫ জনকৈ জোৱান শ্বহীদ হোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, 'আমাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনি। বিশেষকৈ পাকিস্তানী অসামৰিক বা সামৰিক প্ৰতিষ্ঠান নহয়। আমি এই কাম নিখুঁতভাৱে কৰিছিলো । কিন্তু ৭ মে'ৰ সন্ধিয়া আমি পাকিস্তানী ইউএভি আৰু ড্ৰ'নৰ সন্ত্ৰাসৰ সন্মুখীন হওঁ, যিয়ে আমাৰ অসামৰিক আৰু সামৰিক দুয়োটা অঞ্চলকে লক্ষ্য কৰি লয়।
উল্লেখ্য যে, অপাৰেচন সিন্দুৰ আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত প্ৰেছ ব্রিফিং অনুষ্ঠিত কৰিছিল এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী, ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, মেজৰ জেনেৰেল এছ এছ শৰ্মা, আৰু ভাইচ এডমিৰেল এ এন প্ৰমোদে।