/asomiyapratidin/media/media_files/2025/03/17/5UrUr3DBMhVmY81f6BwR.jpg)
ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদ আৰু হিংসাত্মক কাৰ্যকলাপক উৎসাহিত কৰাৰ ক্ষেত্ৰত পাকিস্তানে দীৰ্ঘদিনীয়া ভূমিকা পালন কৰি আহিছে। কেৱল ইমানেই নহয়; সন্ত্ৰাসবাদৰ মূল শিপা ক’ত, অভিকেন্দ্ৰ ক’ত; সেই কথা প্ৰকাশ্যে নক’লেও আজি বিশ্বই জানে।
উল্লেখিত আটাইবোৰ কাৰণৰ বাবে যে জগৰীয়া পাকিস্তান, সেই কথাও আজি বিশ্ববাসীয়ে বুজি পায়। – এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। দেওবাৰে মাৰ্কিন সাংবাদিক লেক্স ফ্ৰিডমেনৰ পডকাষ্টৰ এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তাৰোপৰি এই সাক্ষাৎকাৰটিত সাংবাদিকগৰাকীয়ে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দি বহু কথা উল্লেখ কৰে মোডীয়ে।
আনহাতে মোডীৰ এই সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ পাই সাংবাদিক ফ্ৰিডমেনে মোডীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এইটো সাংবাদিকগৰাকীৰ জীৱনৰ এটা শক্তিশালী কথোপকথন বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে উক্ত সাক্ষাৎকাৰটিত প্ৰধানমন্ত্ৰীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, পাকিস্তান বাৰে বাৰে সন্ত্ৰাসৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যাৰ ফলত কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্ব আজি তেওঁলোকৰ নিকৃষ্ট মানসিকতাৰ বাবে সময়ে সময়ে আতংকিত হ’ব লগা হৈছে।