পাকিস্তানত নেৰানেপেৰা বৰষুণে প্ৰাণ ল'লে শিশুসহ ২০২ জন লোকৰ...

অঞ্চল সমূহত ধাৰাসাৰ বৰষুণৰ পিছত বানৰ সৃষ্টি হোৱা লগতে ভূমিস্খলনৰ ফলত অট্টালিকা সমূহ ভাঙি মানুহৰ মৃত্যু হৈছে । ইয়াৰোপৰি বিদ্যুৎস্পৃষ্ট হৈ তথা বজ্ৰপাতৰ ফলতো বহু লোকে প্ৰাণ হেৰুৱাইছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃপাকিস্তানত বাৰিষাৰ বৰষুণে লৈছে বিধ্বংসী ৰূপ ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এই পৰ্যন্ত পাকিস্তানত বৰষুণৰ ফলত ২০২ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৯৬ জন শিশু। শিশুৰ মৃত্যুৱে পৰিস্থিতিৰ ভয়াৱহতা আৰু অধিক বৃদ্ধি কৰিছে।

পঞ্জাৱ প্ৰদেশত সৰ্বাধিক ১২৩ জন লোকৰ মৃত্যু হৈছে। মুষলধাৰ বৰষুণৰ বাবে পঞ্জাৱৰ মৰিয়াম নৱাজ চৰকাৰে বহু অঞ্চলত বৰষুণৰ জৰুৰীকালীন ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, খাইবাৰ পখতুনখোৱাত ৪০ জন, সিন্ধত ২১ জন, বেলুচিস্তানত ১৬ জন লোকৰ মৃত্যু হৈছে। ইছলামবাগ আৰু প’কত এজনকৈ লোকৰ মৃত্যু হৈছে। 

লক্ষ্যণীয় যে, অঞ্চল সমূহত ধাৰাসাৰ বৰষুণৰ পিছত বানৰ সৃষ্টি হোৱা লগতে ভূমিস্খলনৰ ফলত অট্টালিকা সমূহ ভাঙি মানুহৰ মৃত্যু হৈছে । ইয়াৰোপৰি বিদ্যুৎস্পৃষ্ট হৈ তথা বজ্ৰপাতৰ ফলতো বহু লোকে প্ৰাণ হেৰুৱাইছে । ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষত পুত খাই ১১৮ জন লোকৰ মৃত্যু হৈছে। 

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰই সমগ্ৰ দেশৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে , যিটো ২৫ জুলাইলৈকে কাৰ্যকৰী হ’ব। খাইবাৰ পাখতুনখোৱা, পঞ্জাৱ, সিন্ধ আৰু ইছলামবাদৰ কেইবাখনো জিলা হাই এলাৰ্টত আছে। নলা পৰিষ্কাৰ কৰি জৰুৰীকালীন দল সাজু কৰি ৰাখিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

বান পাকিস্তান