/asomiyapratidin/media/media_files/2025/07/22/flood-22-2025-07-22-07-59-54.jpg)
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে প্ৰায় দুসপ্তাহ ধৰি হৈ থকা বৰষুণৰ ফলত বানপানীত বুৰ গৈছে পাকিস্তান। জানিব পৰা মতে দেশখনৰ এক বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত।
বানপানীৰ ফলত এই পৰ্যন্ত দেশখনত মৃতকৰ সংখ্যাই ইতিমধ্যে ২০০ অতিক্ৰম কৰিছে। আনহাতে বানত আক্ৰান্ত হৈছে এক কোটিৰো অধিক লোক।
পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে পুৱালৈকে বানপানীত ২০২ জন লোকৰ মৃত্যু হৈছে।নিহতসকলৰ ভিতৰত আছে ৯৬ টা শিশু।
দেসখনৰ প্ৰায় সকলো প্ৰদেশতে বানপানীৰ ফলত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত্যু আৰু ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত দেশখনৰ পঞ্জাব প্ৰদেশ শীৰ্ষত আছে।
পঞ্জাৱ প্ৰদেশত এই পৰ্যন্ত ১২৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে খাইবাৰ পাখতুনখোৱাত ৪০ জন লোকৰ মৃত্যু হৈছে। সিন্ধ প্ৰদেশত ২১ জন লোকৰ মৃত্যু হৈছে।
তাৰ উপৰিও বেলুচিস্তানত ১৬ জন আৰু ৰাজধানী ইছলামবাদ আৰু পাকিস্তান দখলকৃত কাশ্মীৰত এজন লোকৰ মৃত্যু হৈছে বানপানী, ভূমিস্খলন, আৰু প্ৰবল বৰষুণ বা বজ্ৰপাতৰ ফলত হোৱা আন দুৰ্ঘটনাত।
তদুপৰি এই পৰ্যন্ত ৫৬০ জন লোক আহত হৈছে। ইয়াৰে ১৮২ টাই শিশু। বানপানীৰ ফলত ইতমধ্যে হাজাৰ হাজাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতিৰ ভয়াৱহতাক বিবেচনা কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও সেনাবাহিনীক সাজু হ’বলৈ নিৰ্দেশ দিছে।