ভাৰতৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি

ভাৰতীয় মালিকানাধীন আৰু আনকি লিজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ...

New Update
1

ডিজিটেল ডেস্কঃ  পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী জাৰি কৰিছে।

Advertisment

 এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰতীয় মালিকানাধীন আৰু আনকি লিজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পাছত দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্রথমে ২৩ এপ্ৰিলত এমাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

 ইয়াৰ কিছুদিন পাছতে ৩০ এপ্রিলত প্ৰত্যুত্তৰ হিচাপে ভাৰতেও পাকিস্তানৰ বিমানসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্ত সদৰি কৰিছিল। এই সিদ্ধান্তৰ ম্যাদ ২৩ মে'ত প্ৰথমবাৰ এমাহৰ বাবে বৃদ্ধি কৰা হৈছিল।

২৩ এপ্ৰিলত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ প্ৰতিশোধকল্পে পাকিস্তানেও আকাশমাৰ্গ বন্ধ ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ অধীনত ভাৰতীয় বিমান কোম্পানীসমূহৰ পৰিচালিত, মালিকানাধীন বা লিজত থকা ভাৰতীয় পঞ্জীয়নভুক্ত সকলো বিমান আৰু বিমানৰ উৰণৰ অনুমতি ২৪ এপ্ৰিলৰ পৰা পাকিস্তানে প্ৰত্যাহাৰ কৰিছিল ।

পাকিস্তানে গ্ৰহণ কৰা এই পদক্ষেপে কিন্তু দেশখনত আৰ্থিকভাৱে বিপৰীত ছবিহে প্ৰকাশ কৰিছিল। তথ্য অনুসৰি, ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ ভিতৰত পাকিস্তান বিমানবন্দৰৰ বিমান ভাড়াৰ আয় অস্বাভাৱিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল।

 ইয়াৰ ফলত দৈনিক প্ৰায় ১০০-১৫০খন ভাৰতীয় বিমান পৰিবহণ প্ৰভাৱিত হয়। এইদৰে প্ৰভাৱ পৰাৰ ফলত পাকিস্তানৰ বিমান যাতায়ত প্ৰায় ২০ শতাংশ হ্ৰাস পাইছিল। তাৰোপৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আৰ্থিক লোকচানৰ কথা স্বীকাৰ কৰিছিল। আনহাতে, অন্য আন্তঃৰাষ্ট্ৰীয় পথত ভাৰতীয় বিমান সংস্থাসমূহৰ কোনো প্ৰভাৱ পৰা নাই বুলি জানিব পৰা গৈছে। 

ভাৰত-পাকিস্তান