Advertisment

স্বৰ্ণ নগৰীত পৰিণত হ'ব নেকি পাকিস্তান...

পাকিস্তানৰ পাহাৰীয়া অঞ্চলৰ পৰা পানীৰ দ্ৰুত প্ৰবাহৰ বাবেই এই সোণ সিন্ধু নদীত আহি তলত জমা হয়। ইফালে উক্ত অঞ্চলবাসীয়েও বালি বা শিলগুটিৰ ভিতৰত লুকাই থকা সোণ উলিয়াবলৈ অবৈধ খনন কৰি আছে।

author-image
Asomiya Pratidin
New Update
িম্ি

ডিজিটেল ডেস্কঃ  পাকিস্তানক আৱিস্কৃত হৈছে সোণৰ ভাণ্ডাৰ। হিমালয়ৰ পৰা উৎপত্তি হৈ ভাৰত হৈ পাকিস্তানলৈ বৈ যোৱা সিন্ধু নদীখনৰ ভিতৰত সোণৰ খাজানা থকাৰ তথ্য প্ৰকাশ কৰিছে পাকিস্তান চৰকাৰে। 

Advertisment

দৰাচলতে দেশখনৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ আট’ক অঞ্চলৰ সিন্ধু নদীত ৩২.৬ মেট্ৰিক টন অৰ্থাৎ প্ৰায় ৬০০ বিলিয়ন মূল্যৰ সোণ মজুত থকা বুলি দাবী কৰিছে পাকিস্তান চৰকাৰে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ চৰকাৰে সেই অঞ্চলত সোণৰ পৰীক্ষা সম্পন্ন কৰিছিল। এই তথ্য পোৱাৰ পাছতে এতিয়া সোণখিনি উদ্ধাৰ অভিযানৰ চেষ্টা চলাব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গৃহ বিভাগে কয় যে, প্লেচাৰ গোল্ডৰ দৰে বহুমূলীয়া খনিজ পদাৰ্থই চৰকাৰী কোষাগাৰলৈ বহু ধন আনিব পাৰে। প্ৰাদেশিক খনন মন্ত্ৰী ইব্ৰাহিম হাছান মুৰাদে ঘোষণা কৰিছিল যে আটকত ৩২.৬ মেট্ৰিক টন সোণ আছে। ইয়াৰ ব্যয় হৈছে ৬০০ বিলিয়ন পাকিস্তানী টকা। এই সকলোবোৰ সোণ ৩২ কিলোমিটাৰ এলেকাত বিয়পি আছে।

উল্লেখ্য যে, উত্তৰ পাকিস্তানৰ পাহাৰীয়া অঞ্চলৰ পৰা পানীৰ দ্ৰুত প্ৰবাহৰ বাবেই এই সোণ সিন্ধু নদীত আহি তলত জমা হয়। ইফালে উক্ত অঞ্চলবাসীয়েও বালি বা শিলগুটিৰ ভিতৰত লুকাই থকা সোণ উলিয়াবলৈ অবৈধ খনন আৰম্ভ কৰিছে। পাকিস্তান চৰকাৰে ১৪৪ ধাৰা আৰোপ কৰি ইয়াৰ পৰা সোণ উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। 

ইফালে এই সোণখিনিক লৈ ইতিমধ্যে বিবাদ আৰম্ভ হৈছে। পাকিস্তানৰ অন্তৰ্গত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজৰ সোণ খননৰ নিৰ্দেশক আওকাণ কৰিছে দেশখনৰ এগৰাকী শীৰ্ষ আমোলাই। সোণ উদ্ধাৰৰ পক্ষপাতী নহয় খনিজ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল। সোণ সন্ধান কৰাৰ পৰিৱৰ্তে জ্যেষ্ঠ বিষয়াসকলে এই অঞ্চলসমূহ শিল আৰু জিংক খননৰ বাবে আবণ্টনৰ পক্ষপাতী বুলি জানিব পৰা হৈছে। 

পাকিস্তান