হাত দাঙিলে পাকিস্তানেঃ ভাৰতৰ সৈতে যুদ্ধ নকৰাৰ কথা ঘোষণা!

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ এতিয়া যেন সম্বিত ঘূৰিছে। শেহতীয়াকৈ পাকিস্তানে ঘোষণা কৰিছে যে, তেওঁলোকে

author-image
Asomiya Pratidin
New Update
pak

ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ এতিয়া যেন সম্বিত ঘূৰিছে। শেহতীয়াকৈ পাকিস্তানে ঘোষণা কৰিছে যে, তেওঁলোকে ভাৰতৰ বিৰুদ্ধে বা ভাৰতক ওলোটাই আক্ৰমণ নকৰে। এই কথা সদৰি কৰিছে খোদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কয় যে, ভাৰতে যদি পুনৰ কোনো আক্ৰমণ পাকিস্তানৰ ওপৰত নকৰে,তেন্তে আমাৰ তৰফৰ পৰাও কোনো আক্ৰমণ কৰা নহয়। ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ কথা ভৱা নাই পাকিস্তানে। যোৱা দুটা সপ্তাহত আমি প্ৰমাণ দিছো যে আমি যুদ্ধৰ পক্ষপাতী নহয়। কিন্তু যদিহে ভাৰতে আক্ৰমণ কৰিয়েই থাকে,তেন্তে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ পাব। 

ইফালে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতে পাকিস্তানৰ পক্ষত থিয় দিছে চীনে। চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তাগৰাকীয়ে ভাৰতৰ এই আক্ৰমণক দুভাগ্যজনক আখ্যা দিছে। চীনে কয় যে, তেওঁলোকে এই পৰিস্থিতিক লৈ যথেষ্ট চিন্তিত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চীনে সদায়ে থিয় দি আহিছে বুলিও প্ৰৱক্তা গৰাকীয়ে কয়। চীনে সদায়েই যুদ্ধৰ পৰিৱৰ্তে শান্তি বিচাৰে বুলি কয়। গতিকে ভাৰত আৰু পাকিস্তানকো শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় চীনে। 

 

ভাৰত-পাকিস্তান