/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল ডেস্কঃ যুদ্ধবিৰতি চুক্তি উলংঘা কৰা নাই পাকিস্তানী সেনাই। ভাৰতীয় সেনাই মঙলবাৰে জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যুদ্ধবিৰতি উলংঘা হোৱা নাই বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে কেবাটাও সংবাদ মাধ্যমত জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ খবৰ প্ৰকাশ হৈছিল।
লগতে পাকিস্তানী সেনাৰ গুলীত কোনো লোক হতাহত হোৱা নাই বুলিও বাতৰি প্ৰকাশ হৈছিল যদিও এই তথ্য নাকচ কৰিছে ভাৰতীয় সৈন্যই। ভাৰতীয় সেনাই অৱশ্যে স্পষ্ট কৰি দিয়ে যে “নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা হোৱা নাই।”
ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ মাজতে মে’ মাহত পূৰ্বৰ যুদ্ধবিৰতি ভংগ হৈছিল ।শুকুৰবাৰে গভীৰ নিশা জম্মু খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যোৱা ৯ মে’ত সীমান্ত সুৰক্ষা বাহিনীৰ চকীত অপ্ৰৰোচিত গুলীচালনা আৰম্ভ কৰিছিল পাকিস্তানী সেনাই।