/asomiyapratidin/media/media_files/2025/05/06/ZcAaReFn7qEa1Fnfz9Oy.jpg)
যিকোনো মুহূৰ্তেতে পাকিস্তানে আক্ৰমণ কৰিব পাৰে ভাৰতক
ডিজিটেল ডেস্ক : পেহেলগামৰ ঘটনাৰ পাছৰে পৰা ভাৰত- পাকিস্তানৰ সম্পৰ্কক লৈ বিশ্বৰ বিভিন্ন মাধ্যমত অৱ্যাহত আছে চৰ্চা। উভয় দেশৰ নিতৌ ন ন খবৰে ব্যস্ত ৰাখিছে ভিন্ন মহলক।
উক্ত ঘটনাৰ পাছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক পূৰ্বতকৈ আৰু অধিক তিক্ত হৈ পৰিছে। কোনো সময়ত যদি ভাৰত চৰকাৰে পাকিস্তানক সকীয়নী প্ৰদান কৰিছে, তেন্তে আন কোনো সময়ত তাৰ প্ৰত্যুত্তৰ দিছে পাকিস্তানে।
ইতিমধ্যে ভাৰত চৰকাৰে কেইবাখনো বৈঠক তথা ছুপাৰ কেবিনেটত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলো ভুগিছে বৈৰী দেশখনে।
এনে সময়তে ভাৰতৰ বিৰুদ্ধে আন এক মন্তব্য কৰিছে পাকিস্তানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষ মন্ত্ৰী খোৱাজা আছিফে। যিকোনো মুহূৰ্তে ভাৰতক আক্ৰমণ কৰিব পাৰে পাকিস্তানে। ভাৰতলৈ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, সোমবাৰে এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আছিফে সকীয়াই দিয়ে যে, ভাৰত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে যিকোনো মুহূৰ্ততে সামৰিক আক্ৰমণ চলাব পাৰে পাকিস্তানে। ইছলামবাদত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় – এল অ’ চিৰ কাষেৰে যিকোনো সময়তে ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি খবৰ ওলাইছে। এই খবৰৰ উত্তৰ নতুন দিল্লীক সঠিক সময়ত দিয়া হ’ব। তাৰ বাবে ভাৰত চৰকাৰে অপেক্ষা কৰিব লাগিব।
তাৰোপৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশৰখনৰ সামৰিক শক্তিৰো উমান দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিব।