/asomiyapratidin/media/media_files/2025/05/04/1cCKRYprDycKi8cgLbAI.jpg)
ikik Photograph: (ikik)
ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে ফেপেৰি পাতি পানীত হাঁহ নচৰা অৱস্থা হৈছে পাকিস্তানৰ। প্ৰধানমন্ত্ৰী, সেনা প্ৰধানে সঘনাই বৈঠক অনুষ্ঠিত কৰাৰ পাছত এতিয়া পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সংসদ ভৱনত আহ্বান কৰিছে জৰুৰী বৈঠকৰ। এই বৈঠকলৈ পাকিস্তানৰ শাসক-বিৰোধী সকলো সাংসদক তলব কৰা হৈছে।
৫মেৰ সন্ধিয়া ৫বজাত ইছলামাবাদস্থিত পাকিস্তানৰ সংসদ ভৱনত অনুষ্ঠিত হব এই জৰুৰী বৈঠকৰ। ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই বৈঠকৰ সন্দৰ্ভত আনুষ্ঠানকি বিবৃতি জাৰি কৰা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানত এনে সংসদীয় জৰুৰী বৈঠকৰ তেতিয়া আহ্বান কৰা হয়, যেতিয়া দেশখনৰ সুৰক্ষাগত দিশৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰে। সাংসদ, মন্ত্ৰীসকলৰ উপৰিও এই বৈঠকত নিৰাপত্তা বিশেষজ্ঞ সকলো উপস্থিত থাকিব।