/asomiyapratidin/media/media_files/2025/06/28/bomb-28-2025-06-28-15-02-32.jpg)
ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ সংঘটিত হ’ল পাকিস্তানত। দেশখনৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত শনিবাৰে সেনাৰ কনভয়ক লক্ষ্য কৰি লৈ আত্মঘাতী বোমাৰুৱে সংঘটিত কৰিলে এই বিস্ফোৰণৰ ঘটনা।
এই ঘটনাত এই পৰ্যন্ত অতি কমেও ১৩ জন জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ পিছতে পাকিস্তান চৰকাৰৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই বিস্ফোৰণত ১০ জন জোৱান নিহত হৈছে আৰু ১৯ জন সাধাৰণ নাগৰিক আহত হৈছে।
পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এজন আত্মঘাতী বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন এখনেৰে সেনাৰ কনভয়ত খুন্দা মাৰে। প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বিস্ফোৰণৰ ফলত অঞ্চলটোৰ কেইবাটাও ঘৰৰো ক্ষতিসাধন হৈছে।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, বিস্ফোৰণ ফলত দুটাকৈ ঘৰৰ ছাদ উৰি গৈছে। আহত হৈছে ৬ টাকৈ শিশুও। এতিয়ালৈকে এই বিস্ফোৰণৰ আঁৰত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে সেই বিষয়ে জানিব পৰা হোৱা নাই।
বিস্ফোৰণ হোৱা অঞ্চলটোত তেহৰিক-ই-তালিবান সক্ৰিয় হৈ থকাৰ বাবে সন্দেহ কৰা হৈছে এই সংগঠনটোৱেই এই বিস্ফোৰণ সংঘটিত কৰিছে। উল্লেখ্য যে, যোৱা মাৰ্চ মাহত তেহৰিক-ই-তালিবান পাকিস্তানে দক্ষিণ ৱাজিৰস্তানৰ জাণ্ডোলা চেকপোষ্টৰ সমীপৰ এটা সেনা শিবিৰত আক্ৰমণ চলাইছিল।
ইয়াৰ পিছত পাকিস্তান সেনাই অভিযান আৰম্ভ কৰি ১০ জন সন্দেহযুক্ত উগ্ৰপন্থীক হত্যা কৰিছিল। মাৰ্চ মাহত বেলুচ লিবাৰেচন আৰ্মীয়ে গুডালাৰ আৰু পিৰু কুনৰিৰ সমীপৰ জাফৰ এক্সপ্ৰেছত আক্ৰমণ চলাইছিল। সেই ঘটনাত ২১ জন যাত্ৰী আৰু ৪ অৰ্ধসামৰিক জোৱান নিহত হৈছিল।
গ্ল’বেল টেৰৰিজম ইনডেক্স-২০২৫ অনুসৰি পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যুৰ হাৰ ৪৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত দেশখনত মৃত্যুৰ সংখ্যা আছিল ৭৪৮ জন। ২০২৪ চনত এই সংক্যা ১০৮১ জনলৈ বৃদ্ধি পাইছিল।