Advertisment

পাকিস্তানত আত্মঘাতী বিস্ফোৰণঃ নিহত কমেও ২৪ জন

পাকিস্তানত আত্মঘাতী বিস্ফোৰণঃ নিহত কমেও ২৪ জন

author-image
Asomiya Pratidin
New Update
পাকিস্তানত আত্মঘাতী বিস্ফোৰণঃ নিহত কমেও ২৪ জন

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলুচিস্তানত সংঘটিত এক সন্দেহজনক আত্মঘাতী আক্ৰমণত কমেও ২৪ জন লোক নিহত হোৱা লগতে ৪৬ জনকৈ লোক আহত হয় । পেছাৱাৰ অভিমুখী এক্সপ্ৰেছখন গন্তব্যস্থানলৈ যাবলৈ ওলোৱাৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱা বুলি আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Advertisment

প্ৰতিদিনৰ দৰেই ষ্টেচনত অতিমাত্ৰা ভিৰৰ বাবে বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা কৰা হৈছে। ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।

বিবৃতিত কয় যে, কুৱেটা ৰেলৱে ষ্টেচনত পাকিস্তানী সেনাৰ ওপৰত আত্মঘাতী আক্ৰমণৰ দায়িত্ব আমি স্বীকাৰ কৰিছো। আজি পুৱা ইনফেণ্ট্ৰি স্কুলত পাঠ্যক্ৰম সম্পূৰ্ণ কৰি জাফৰ এক্সপ্ৰেছেৰে উভতি অহাৰ সময়তে কুৱেটা ৰেলৱে ষ্টেচনত পাকিস্তানী সেনাৰ এটা ইউনিটত আত্মঘাতী আক্ৰমণ সংঘটিত হয়। বিএলএৰ মজিদ ব্ৰিগেড ফিদায়েন ইউনিটে এই আক্ৰমণ সংঘটিত কৰিছে।

উল্লেখযোগ্য যে, ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনা চালিজাৰি নিৰীক্ষণ কৰিছে। লগতে আহতসকলক কুৱেটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Also Read: কাজিৰঙালৈ আহি ডিমৰীয়াত ভয়ংকৰ দুৰ্ঘটনাত পতিত ইছৰ'ৰ বিজ্ঞানীসহ পৰিয়াল...

Pakistan bomb blast