/asomiyapratidin/media/media_files/2025/05/01/WxwEqB2O8jbS3T5jQgmT.jpg)
ডিডিটেল ডেস্কঃ প্ৰত্যক্ষ যুদ্ধ নহ'লেও ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰা পৰোক্ষ যুদ্ধত থৰকাচুতি হেৰুৱাইছে পাকিস্তানে। দিন-ৰাতি একাকাৰ কৰি পাকিস্তান সেনা, চৰকাৰ সকলোৱে মিলি নিৰন্তৰ বৈঠকত মিলিত হৈছে। ভয়ত থৰকাচুতি হেৰুওৱালেও ভাৰতক ভাবুকি দিবলৈ এৰা নাই পাকিস্তানে।
পাকিস্তান চৰকাৰৰ মন্ত্ৰী আৰু বিষয়ববীয়াই ভাৰতক ধাৰাবাহিকবাৱে ভাবুকি দিয়াৰ পিছত এইবাৰ পাকিস্তান সেনাৰ লেফেন্টনেল জেনেৰেল আহমদ শ্বৰীফ চৌধুৰীয়ে ভাৰতক প্ৰদান কৰিছে ভাবুকি। ভাৰতক ভাবুকি দি পাকিস্তানৰ এই সেনা বিষয়াগৰাকীয়ে কয় যে, ভাৰতে যুদ্ধ আৰম্ভ কৰিব বিচাৰিছে কৰক, কিন্তু এটা কথা মনত ৰাখিলেই হল যে, এই যুদ্ধৰ শেষ কিন্তু পাকিস্তানে কৰিব।
তেওঁ লগতে ভাৰতক প্ৰত্যাহ্বান জনাই কয় যে, ভাৰতে যদিহে পাকিস্তানৰ কোনো অংশত আক্ৰমণ কৰে, তেন্তে তাৰ উত্তৰ অতি শক্তিশালী আৰু পৰিকল্পিতভাৱে প্ৰদান কৰা হব। ইছলামাবাদত পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীক কাষত বহুৱাই এক সংবাদমেলত এনেদৰে ভাৰতক উদ্দেশ্যি মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে।
সংবাদমেলত সেনা বিষয়াগৰাকীয়ে লগতে কয়- যুদ্ধৰ বাবে পাকিস্তানৰ সকলো সেনা সাজু। নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ প্ৰতিজন জোৱান সাজু। পাকিস্তানৰ পূব আৰু পশ্চিম অংশৰ সীমাত পাকিস্তানে অধিক সৈনিক মোতায়েন কৰা বুলিও সদৰি কৰে তেওঁ।
পাকিস্তানৰ গৌৰৱ আৰু সুৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যোৱাৰ কথা সংবাদমেলত তেওঁ প্ৰকাশ কৰাৰ লগতে যিকোনো আক্ৰমণৰে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থকাৰ কথা প্ৰকাশ কৰে আহমদ শ্বৰীফে।