পাকিস্তানৰ সেনা প্ৰধানৰে ড'নাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰস্তুতিঃ ভাৰত, ইৰাণৰ তীক্ষ্ণ দৃষ্টি...

পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক বিনা চৰ্তে যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ দিয়া ধমকৰ মাজতে এইবাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ বিয়পি পৰিছে।

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ সেনা প্ৰধানৰে ড'নাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰস্তুতিঃ ভাৰত, ইৰাণৰ তীক্ষ্ণ দৃষ্টি...

ডিজিটেল ডেস্কঃ পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক বিনা চৰ্তে যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ দিয়া ধমকৰ মাজতে এইবাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ বিয়পি পৰিছে। ট্ৰাম্পে গোপন সমীকৰণৰ অংশ হিচাপে পাকিস্তানৰ যুদ্ধবাজ সেনা প্ৰধান অসীম মুনিৰৰ সৈতে আজি বন্ধ কোঠালিত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব। 

Advertisment

বুধবাৰে ৱাশ্বিংটনত স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত একেলগে দুয়োৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। কেবিনেট কক্ষত অনুষ্ঠিত হবলগীয়া বৈঠকত কোনো সংবাদ মাধ্যমৰ ব্যক্তিও উপস্থিত থাকিব নোৱাৰিব বুলি জনাইছে। 

ভাৰতৰ বাবেও এই বৈঠক বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সেয়ে ভাৰতে এই বৈঠকৰ প্ৰতি নজৰ ৰাখিছে। তাৰোপৰি এই বৈঠক ইৰাণৰ দৰে ইছলামিক দেশৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ইৰাণক আন কোনো সমীকৰণেৰে ট্ৰাম্পে বিপদত পেলোৱাৰ চেষ্টা কৰিছে নেকি সেই প্ৰশ্নও উত্থাপন হৈছে।  

লক্ষ্যণীয় বিষয় যে, ইয়াৰ পূৰ্বে ইৰাণে দাবী কৰিছিল তেওঁলোকৰ যুদ্ধত পাকিস্তানে ইজৰাইলৰ বিৰুদ্ধে থিয় দিব। প্ৰয়োজন হ’লে টেল আভিভত পাৰমাণৱিক আক্ৰমণো চলাব পাকিস্তানে। অৱশ্যে পাকিস্তানে সেই দাবী শীঘ্ৰেই খাৰিজ কৰিলে। 

পাকিস্তানে স্পষ্টকৈ জনালে যদিহে নিজৰ নিৰাপত্তা বা সাৰ্বভৌমত্বৰ লগত আপোচ কৰা নহয় তেতিয়ালৈকে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। পাকিস্তানৰ এনে স্থিতিৰ আঁৰত আমেৰিকাৰ হাত দেখিছে বিশ্ব কূটনৈতিক সমাজে। 

এনে পৰিস্থিতিত অসীম মুনিৰ আৰু ট্ৰাম্পৰ মাজত কি আলোচনা হ’ব সেই সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছিল। ইয়াৰ পিছত পাকিস্তান সেনা প্ৰধানৰে ট্ৰাম্পৰ এনে ৰুদ্ধদ্বাৰ বৈঠকৰ প্ৰস্তুতিয়ে স্বাভাৱিকতে অতিৰিক্ত কৌতুহলৰ সৃষ্টি কৰিছে।

পাকিস্তান সেনা প্ৰধান অসীম মুনিৰে দেওবাৰে ৫ দিনীয়া কাৰ্যসূচীৰে আমেৰিকা ভ্ৰমণলৈ ৰাওনা হৈছে। আমেৰিকা সেনা দিৱস উদযাপনত তেওঁ অংশ ল’ব বুলি চৰ্চা চলিছিল। সেই উৰাবাতৰি অৱশ্যে হোৱাইট হাউছে অস্বীকাৰ কৰিছে। 

পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি অসীম মুনিৰৰ এই ভ্ৰমণ বিশুদ্ধ কূটনৈতিক ভ্ৰমণ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ট্ৰাম্পৰ উপৰিও মুনিৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথকো সাক্ষাৎ কৰিব।

ইফালে দেওবাৰে মুনিৰৰ আমেৰিকালৈ অহাৰ খবৰ পাই ৱাশ্বিংটনত থকা পাকিস্তানী দূতাবাসৰ সন্মুখত সমবেত হয় পাকিস্তানী নাগৰিক। তেওঁলোকে বৰ্তমানৰ পাকিস্তানী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

তেওঁলোকে বিভিন্ন প্লে’কাৰ্ড, বেনাৰ আদি প্ৰদৰ্শনেৰে অসীম মুনিৰক সংবিধান উলংঘাকাৰী, নিৰ্বাচনত প্ৰৱঞ্চনা কৰা, মানৱ অধিকাৰ উলংঘাৰ মুৰব্বী বুলিও আখ্যা দিয়ে। কেৱল সেয়াই নহয়, ইমৰাণ খানৰ সমৰ্থকসকলেও দূতাবাসৰ সন্মুখত এখন ডিজিটেল ভেনৰ জৰিয়তে অসীম মুনিৰৰ কু-কীৰ্তি প্ৰদৰ্শিত কৰে। 

পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক বিনা চৰ্তে যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ দিয়া ধমকৰ মাজতে এইবাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ বিয়পি পৰিছে। ট্ৰাম্পে গোপন সমীকৰণৰ অংশ হিচাপে পাকিস্তানৰ যুদ্ধবাজ সেনা প্ৰধান অসীম মুনিৰৰ সৈতে আজি বন্ধ কোঠালিত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব। 

বুধবাৰে ৱাশ্বিংটনত স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত একেলগে দুয়োৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। কেবিনেট কক্ষত অনুষ্ঠিত হবলগীয়া বৈঠকত কোনো সংবাদ মাধ্যমৰ ব্যক্তিও উপস্থিত থাকিব নোৱাৰিব বুলি জনাইছে। 

ভাৰতৰ বাবেও এই বৈঠক বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সেয়ে ভাৰতে এই বৈঠকৰ প্ৰতি নজৰ ৰাখিছে। তাৰোপৰি এই বৈঠক ইৰাণৰ দৰে ইছলামিক দেশৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ইৰাণক আন কোনো সমীকৰণেৰে ট্ৰাম্পে বিপদত পেলোৱাৰ চেষ্টা কৰিছে নেকি সেই প্ৰশ্নও উত্থাপন হৈছে।  
লক্ষ্যণীয় বিষয় যে, ইয়াৰ পূৰ্বে ইৰাণে দাবী কৰিছিল তেওঁলোকৰ যুদ্ধত পাকিস্তানে ইজৰাইলৰ বিৰুদ্ধে থিয় দিব। প্ৰয়োজন হ’লে টেল আভিভত পাৰমাণৱিক আক্ৰমণো চলাব পাকিস্তানে। অৱশ্যে পাকিস্তানে সেই দাবী শীঘ্ৰেই খাৰিজ কৰিলে। 

পাকিস্তানে স্পষ্টকৈ জনালে যদিহে নিজৰ নিৰাপত্তা বা সাৰ্বভৌমত্বৰ লগত আপোচ কৰা নহয় তেতিয়ালৈকে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। পাকিস্তানৰ এনে স্থিতিৰ আঁৰত আমেৰিকাৰ হাত দেখিছে বিশ্ব কূটনৈতিক সমাজে। 

এনে পৰিস্থিতিত অসীম মুনিৰ আৰু ট্ৰাম্পৰ মাজত কি আলোচনা হ’ব সেই সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছিল। ইয়াৰ পিছত পাকিস্তান সেনা প্ৰধানৰে ট্ৰাম্পৰ এনে ৰুদ্ধদ্বাৰ বৈঠকৰ প্ৰস্তুতিয়ে স্বাভাৱিকতে অতিৰিক্ত কৌতুহলৰ সৃষ্টি কৰিছে।

পাকিস্তান সেনা প্ৰধান অসীম মুনিৰে দেওবাৰে ৫ দিনীয়া কাৰ্যসূচীৰে আমেৰিকা ভ্ৰমণলৈ ৰাওনা হৈছে। আমেৰিকা সেনা দিৱস উদযাপনত তেওঁ অংশ ল’ব বুলি চৰ্চা চলিছিল। সেই উৰাবাতৰি অৱশ্যে হোৱাইট হাউছে অস্বীকাৰ কৰিছে। 

পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি অসীম মুনিৰৰ এই ভ্ৰমণ বিশুদ্ধ কূটনৈতিক ভ্ৰমণ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ট্ৰাম্পৰ উপৰিও মুনিৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথকো সাক্ষাৎ কৰিব।

ইফালে দেওবাৰে মুনিৰৰ আমেৰিকালৈ অহাৰ খবৰ পাই ৱাশ্বিংটনত থকা পাকিস্তানী দূতাবাসৰ সন্মুখত সমবেত হয় পাকিস্তানী নাগৰিক। তেওঁলোকে বৰ্তমানৰ পাকিস্তানী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

তেওঁলোকে বিভিন্ন প্লে’কাৰ্ড, বেনাৰ আদি প্ৰদৰ্শনেৰে অসীম মুনিৰক সংবিধান উলংঘাকাৰী, নিৰ্বাচনত প্ৰৱঞ্চনা কৰা, মানৱ অধিকাৰ উলংঘাৰ মুৰব্বী বুলিও আখ্যা দিয়ে। কেৱল সেয়াই নহয়, ইমৰাণ খানৰ সমৰ্থকসকলেও দূতাবাসৰ সন্মুখত এখন ডিজিটেল ভেনৰ জৰিয়তে অসীম মুনিৰৰ কু-কীৰ্তি প্ৰদৰ্শিত কৰে। 

 

ইৰাণ পাকিস্তান আমেৰিকা