ঢকুৱাখনাৰ হকাৰৰ পুত্ৰ পংকজৰ কৃতিত্ব...

দৰিদ্ৰতা কিম্বা সমস্যা জৰ্জৰতাই এগৰাকী শিক্ষাৰ্থীৰ ইস্পিত সাফল্য আজুৰি অনাত তিলমানো হেঙাৰ হব নোৱাৰে। শিক্ষাৰ্থী সকল যদি কৰ্মযোগী হয়, ফলযোগী নহয় তেন্তে

author-image
Asomiya Pratidin
New Update
uyyysssgg

ডিজিটেল সংবাদ, ঢকুৱাখনা: দৰিদ্ৰতা কিম্বা সমস্যা জৰ্জৰতাই এগৰাকী শিক্ষাৰ্থীৰ ইস্পিত সাফল্য আজুৰি অনাত তিলমানো হেঙাৰ হব নোৱাৰে। শিক্ষাৰ্থী সকল যদি কৰ্মযোগী হয়, ফলযোগী নহয় তেন্তে নিজৰ অধ্যৱসায়ৰ সুমিষ্ঠ পৰিনাম লাভ কৰিবই ।

Advertisment

এই মন্তব্য ঢকুৱাখনাৰ এগৰাকী কৃতিমান ছাত্ৰৰ । নাম তেওঁৰ পংকজ চক্ৰৱৰ্তী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক ষষ্ঠ ষাণ্মাসিকৰ  চূড়ান্ত পৰীক্ষাত ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম দহ সংখ্যক স্থান "এ প্লাছ" গ্ৰেড সহ উত্তীৰ্ণ হোৱা এইগৰাকী মেধাবী ছাত্ৰক শনিবাৰে উষ্ণ সম্বৰ্ধনা জনোৱা হয় ঢকুৱাখনাত ।

ঢকুৱাখনা নগৰৰ মহঘুলী চাপৰিৰ বাসিন্দা , অসমীয়া প্ৰতিদিন কাকতৰ বিগত প্ৰায় ৮ বছৰ ধৰি নিৰবিচ্ছিন্ন ভাবে "হকাৰ" কৰি সংঘৰ্ষময় জীৱন নিৰ্বাহ কৰি অহা প্ৰদীপ চক্ৰৱৰ্তী আৰু মাতৃ জোনালী দাস চক্ৰৱৰ্তীৰ একমাত্ৰ পুত্ৰ পংকজৰ এনে আকাংক্ষিত সাফল্যত মহঘুলীবাসী উৎফুল্লিত হৈ আজি অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান । উজনি মহঘুলী হৰিমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় উক্ত সম্বৰ্ধনা সভা।

জ্যেষ্ঠ নাগৰিক টিলেন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদেশ্য ব্যাখ্যা কৰে অগ্ৰণী মহিলা ৰুণীমাই বৰপাত্ৰ গোহাঁইয়ে। অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক নাগৰিক ,শিক্ষাবিদ, শুভাকাংক্ষী , কৃতিমান ছাত্ৰজনৰ অভিভাৱকৰ উপস্থিত থকা সভাত  কেৱল ম'হঘুলী চাপৰিৰে নহয় ঢকুৱাখনাৰ শৈক্ষিক জগতৰ এক সমুজ্জল নক্ষত্ৰ হিচাবে উজ্বলি উঠা মেধাবী পংকজৰ এনে ঈর্ষণীয় সফলতাৰ বাবে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ অধ্যক্ষ দেৱ কুমাৰ গগৈ ,ঢকুৱাখনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক অসীম সন্দিকৈ ,  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈকে প্ৰমুখ্য কৰি  কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ।

বক্তা সকলে পংকজৰ এনে সাফল্যৰ বাবে অভিনন্দন জনাই সততে দুর্ণামৰ বাতৰি,যুৱ উশৃংখলতা বাতৰিয়ে শিৰোনাম দখল কৰি অহা এই অঞ্চলৰ পৰা এনে এক প্ৰতিভাধৰ সৃষ্টি হোৱাত এয়া ভৱিষ্যত প্ৰজন্মৰ বাবে এক ইতিবাচক আৰু অনুকৰণীয় দিশ বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয়  সাহিত্য চৰ্চা ,কাব্য চর্চা, ক্ৰীড়া সকলো দিশতে পাৰ্গতালি আৰু ব্যুৎপত্তি প্ৰদৰ্শন কৰি ৰাজ্যিক ভিত্তিত অগণন  স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হৈ অহা পংকজৰ পিতৃযে এক কঠোৰ আৰু সংঘৰ্ষময় জীৱন চৰ্য্যাৰে পুত্ৰক এগৰাকী সমুজ্জল ভৱিষ্যতৰ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। অসমীয়া প্ৰতিদিন কাকত দৈনিক মাজুলী জিলাৰ বিভিন্ন এজেণ্টক যোগান ধৰি পৰৱৰ্তী সময়ত নিজা এখন ক্ষুদ্ৰ গেৰেজৰ জৰিয়তে  উপাৰ্জন কৰি অহা পিতৃ প্ৰদীপ চক্ৰৱৰ্তী  আৰু মাতৃ আজি পুত্ৰৰ এনে সফলতাত উৎসাহিত ।

সম্প্ৰতি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ ব্ৰতী হোৱা পংকজে সমান্তৰাল ভাৱে  স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বুলি জনালে।উল্লেখযোগ্য যে কৃতিমান পংকজক ফুলাম গামোচা , চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থ সম্ভাৰেৰে শুভাকাংক্ষী সকলে  উষ্ণ সম্বৰ্ধনা জনাই ভৱিষ্যতৰ দিনত এগৰাকী সৎ, সমুজ্জল নাগৰিক হৈ দেশ আৰু মানৱ জাতিৰ কল্যাণৰ হকে সেৱা আগবঢ়াই যোৱাৰ বাবে আত্মপ্ৰতিষ্ঠিত হোৱাৰ আশীৰ্বাদ দিয়ে উপস্থিত ৰাইজে।

ঢকুৱাখনা