/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9fcaaa9d-a3f1-4533-bb6f-ca8e60bc3a80/pak.jpg)
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ পাকিস্তানৰ। এছিয়া কাপত বুধবাৰে অনুষ্ঠিত পাকিস্তান আৰু আফগানিস্তাৰ খেলত পৰাজয় বৰণ কৰিলে মহম্মদ নৱী বাহিনীয়ে। পাকিস্তানে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে আফগানিস্তানে বেটিং কৰি ৬টা উইকেটৰ বিনিময়ত ১৩০ ৰাণৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানক।
শেষ মূহুৰ্তলৈ মৰণপণ যুঁজ দিছিল আফগানিস্তানে। কিন্তু শেষ সময়ত পাকিস্তানৰ নিজাম শ্বাহে মাত্ৰ ৪ টা বলত ২টা অভাৰ বাউণ্ডেৰীৰে ১৪ ৰাণৰ মেচ উইনিং ইনিংছ উপহাৰ দি পাকিস্তানক শেষ হাঁহি মাৰিবলৈ দিয়ে। অন্যহাতে আফগানিস্তানৰ ফজল হক, ফাৰিড আহমেদে ৩টা আৰু ৰছিদ খানে ২টা উইকেট দখল কৰে। পুণৰ ব্যৰ্থ হয় পাক অধিনায়ক বাবৰ আজম।