আখৰা চাম বুলি মুখ মেলি ৰৈ আছিল পাকিস্তান! এনেতে গৈ পৰিলগৈ ভাৰতৰ মিছাইল...

ভাৰত সৈতে ফেপেৰি পাতি পুনৰ এবাৰ ৰামঠগন খালে পাকিস্তানে। যুদ্ধক লৈ ভাৰতে প্ৰস্তুত কৰা ৰণনীতিৰ উমানে নাপালে পাকিস্তানে। ভাৰতত যুদ্ধৰ আখৰা চলিব বুলি মুখ মেলি ৰৈ থকা পাকিস্তানক

author-image
Asomiya Pratidin
New Update
পাকিস্তান্্

ডিজিটেল ডেস্কঃ ভাৰত সৈতে ফেপেৰি পাতি পুনৰ এবাৰ ৰামঠগন খালে পাকিস্তানে। যুদ্ধক লৈ ভাৰতে প্ৰস্তুত কৰা ৰণনীতিৰ উমানে নাপালে পাকিস্তানে। ভাৰতত যুদ্ধৰ আখৰা চলিব বুলি মুখ মেলি ৰৈ থকা পাকিস্তানক আখৰাৰ পূৰ্বেই ভাৰতে আক্ৰমণ চলালে। যুদ্ধৰ ক্ষেত্ৰত ভাৰতে প্ৰস্তুত কৰা এই ৰণনীতিক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

Advertisment

দৰাচলতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল যে, যদিহে দেশত যুদ্ধ হয় তেন্তে তাৰ বাবে সাজু থাকিব পৰাকৈ দেশৰ নাগৰিকসকলক মকড্ৰিলৰ আভাস দিব লাগে। তাকে লৈ ৭মে'ৰ সন্ধিয়া দেশৰ প্ৰায় ৩৮৬স্থান মকড্ৰিলৰ বাবে সাজু হৈছিল।

পাকিস্তানেও এই খবৰ পাইছিল যে, ৭মেৰ সন্ধিয়া ভাৰতত মকড্ৰিল হব। আৰু যদিহে ভাৰতে আক্ৰমণ কৰে তেন্তে তাৰ দুদিন বা চাৰিদিনৰ পিছতহে কৰিব। কিয়নো ১৯৭১চনত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মকড্ৰিলৰ দুদিনৰ পিছত পাকিস্তানত আক্ৰমণ কৰিছিল ভাৰতে। পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত পাকিস্তানেও ভাৰতে এইবাৰ এই ৰণনীতিয়ে প্ৰয়োগ কৰিব বুলি ভাৱি আছিল।

কিন্তু ভাৰতে এইবাৰ এনে নকৰিলে। আখৰাৰ পূৰ্বেই যুদ্ধ আৰম্ভ কৰিলে ভাৰতে। ৬মেৰ পুৱতি নিশা পাকিস্তানত আক্ৰমণ চলালে ভাৰতে। পাকিস্তানে যেন একো তলকিবই নোৱাৰিলে। ভাৰতে যুদ্ধত প্ৰয়োগ কৰা এই ৰণনীতিক লৈ থৰকাচ্যুতি হেৰুৱাইছে পাকিস্তানে।

ভাৰতৰ এই ৰণনীতিক লৈ এতিয়া বহুতে কৈছে যে, ভাৰতে আখৰাৰ পূৰ্বেই আৰম্ভ কৰি দিলে মূল নাটক। পাকিস্তানে আখৰা চাম বুলি আগ্ৰহেৰে ৰৈ থকাৰ সময়তে ভাৰতৰ মিছাল হৈ পৰিলগৈ পাকিস্তানৰ বুকুত। 

ভাৰত-পাকিস্তান