/asomiyapratidin/media/media_files/2025/05/09/k3UAo0hZqO0WN8GhmME0.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানক তচনচ কৰি দিছে ভাৰতে। ভাৰতৰ সৈতে অযথা ফেপেৰি পাতি এতিয়া কান্দিছে পাকিস্তানে। পাকিস্তানৰ ২৬টা প্ৰধান স্থানত ভাৰতীয় মিছাইল আৰু ড্ৰোণেৰে কৰা হৈছে ইটোৰ পাছত সিটো আক্ৰমণ। কি ইছলামাবাদ, কি কাৰাছী সকলোতে গৰজিছে ভাৰতৰ মিছাইলে।
পাকিস্তানৰ ওপৰত ভাৰতে চলোৱা এই আক্ৰমণৰ মাজতে জম্মু কাশ্মীৰৰ চাম্বা চেক্টৰত জেইছ-ঈ-মহম্মদৰ ৭ টা সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোতে সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে এই ঘোষণা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ ইটোৰ পাছত সিটো আক্ৰমণত প্ৰায় বিধস্ত হৈছে পাকিস্তান।