/asomiyapratidin/media/media_files/2025/05/11/Gsf5FVmjDnyRXhxggwDj.jpg)
ডিজিটেল ডেস্কঃ নিজে প্ৰথমে ভুল কৰি এতিয়া ভাৰতৰ গাত সকলো দোষ জাপি দিব খুজিছে পাকিস্তানে। যুদ্ধ বিৰতি উলংঘা কৰাৰ পাছতে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ ইয়াৰ বাবে ভাৰতহে দোষী বুলি মন্তব্য কৰে। ভাৰতে পাকিস্তানৰ বায়ু সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ বাবেহে যুদ্ধ বিৰতি উলংঘন কৰিব লগা হল বুলি মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে ৰাফেল বিমানৰ জৰিয়তে বায়ু সেনাৰ ঘাটিত আক্ৰমণ চলাইছিল। যাৰ প্ৰত্যুত্তৰত পাক সেনাই প্ৰত্যাক্ৰমণ কৰে ভাৰতক। যাৰ বাবে সীমান্ততো যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তান সেনাই। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আমি শান্তি বিচাৰো। কিন্তু ভাৰতে সেয়া যেন বিচৰা নাই।
পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সমাধানৰ বাবে চীন আৰু আমেৰিকাৰ নেতৃত্বৰ ওপৰত ভৰষা থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে, শান্তি আৰু সমৃদ্ধিৰ বাবে চীন আৰু আমেৰিকাৰ যুদ্ধ বিৰতিক লৈ যি প্ৰদক্ষেপ গ্ৰহণ কৰে তাক লৈ আমাৰ আস্থা আছে।
উল্লেখ্য যে, পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰাৰ পাছতে ভাৰতীয় সেনাক কঠোৰভাৱেৰে ইয়াক দমন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ভাৰত চৰকাৰে।