প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথাত বেজাৰ লাগিল পাকিস্তানৰ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথাত এইবাৰ বৰ বেজাৰ লাগিল পাকিস্তানৰ। যোৱা ৬জুন তাৰিখে জম্মু-কাশ্মীৰত বিশ্বৰ উচ্চতম ৰেলৱে দলং মুকলি কৰি পাকিস্তানক তীব্ৰ কটাক্ষ কৰিছিল

New Update
pkkkss

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথাত এইবাৰ বৰ বেজাৰ লাগিল পাকিস্তানৰ। যোৱা ৬জুন তাৰিখে জম্মু-কাশ্মীৰত বিশ্বৰ উচ্চতম ৰেলৱে দলং মুকলি কৰি পাকিস্তানক তীব্ৰ কটাক্ষ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোডীৰ এই কটাক্ষৰ পাছতে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে দুখ প্ৰকাশ কৰিছে। 

৬জুন, ২০২৫ত দলং উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পেহেলগ্ৰামৰ আক্ৰমণ মানৱতাৰ ওপৰত আক্ৰমণ আৰু জম্মু-কাশ্মীৰৰ সংস্কৃতিৰ বিৰোধী আখ্যা দিছিল। পাকিস্তানক তীব্ৰ কটাক্ষ কৰি মোডীয়ে লগতে কৈছিল যে, পাকিস্তান হৈছে দুখীয়াৰ ৰুটী আৰু ৰোজগাৰৰো বিৰোধী। কাশ্মীৰৰ বিকাশত বাধা হৈ থিয় দিব খোজে পাকিস্তান। কিন্তু তেনে কাম কৰাৰ পূৰ্বে মোৰ সৈতে যুজিব লাগিব পাকিস্তানে।

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এই ভাষ্য শুনাৰ পিছতে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে দুখ প্ৰকাশ কৰি কয় যে, কোনো প্ৰমাণ নোহোৱাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাক দোষাৰূপ কৰিছে। আমি মনত বেজাৰ পাইছো। প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ আমাক বিশ্বৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। 

কাশ্মীৰৰ প্ৰসংগত পাকিস্তানে লগতে কয় যে, জম্মু-কাশ্মীৰ হৈছে আন্তৰাষ্ট্ৰীয় বিবাদৰ এটা বিষয়। ৰাষ্ট্ৰ সংঘ আৰু তাত থকা জনতাৰ মত লৈ ইয়াৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। 

পাকিস্তান