/asomiyapratidin/media/media_files/2025/05/21/dLVo9guGuAfrx3Jrfc5H.jpg)
ডিজিটেল ডেস্কঃ চীন আৰু তুৰ্কীৰ বাহিৰেও ভাৰতৰ চিৰবৈৰী পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে এখন বিশেষ দেশে। এই দেশখনৰ কথা হয়তো আপোনাৰ মনলৈ কেতিয়াও অহা নাই। কিন্তু চীনৰ পিছতে পাকিস্তান সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা দেশখনেই গৈছে এইখন দেশ। পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিও এইদেশখনে ভাৰতৰ সৈতেও বৰ্তাই ৰাখিছে শক্তিশালী বাণিজ্যিক সম্পৰ্ক।
ভাৰতৰ সৈতে প্ৰায় ২২বিলিয়ন ডলাৰৰ বাণিজ্যিক সম্পৰ্ক আছে এই দেশখনৰ। ততসত্বেও এইদেশখনে নব্বৈ দশকৰ পৰাই পাকিস্তানক দি আহিছে অস্ত্ৰ-শস্ত্ৰ। পাকিস্তানৰ অন্য দেশৰ পৰা আমদানি কৰা অস্ত্ৰ-শস্ত্ৰৰ সৰ্বাধিক অংশ লয় চীনৰ পৰা। ১০০শতাংশৰ ভিতৰত প্ৰায় ৮১শতাংশ অস্ত্ৰ-শস্ত্ৰ পাকিস্তানে আমদানি কৰে চীনৰ পৰা।
চীনৰ পিছতে দ্বিতীয় সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ পাকিস্তানক দিয়া দেশখনেই হৈছে নেডাৰলেণ্ড। পাকিস্তানক নেডালেণ্ডে মুঠ ১০০শতাংশৰ ভিতৰত প্ৰায় ৫.৫শতাংশ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰে। নেডাৰলেণ্ডৰ পিছতহে স্থান আছে তুৰ্কীৰ। তুৰ্কীয়ে মুঠ অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত প্ৰায় ৩.৮শতাংশ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰে পাকিস্তানক।
শেহতীয়াকৈ পেহেলগাম ঘটনাৰ পিছত পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা দেশ চীন আৰু তুৰ্কীক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও নেডাৰলেণ্ডৰ নাম উচ্চাৰিত হোৱা নাছিল এবাৰো।