/asomiyapratidin/media/media_files/2025/05/22/YXNM1fRF9tSowzsB84rB.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধকালীন পৰিস্থিতি বৰ্তমান স্বাভাৱিক হৈছে যদিও এতিয়াও দেশ দুখনৰ মাজত অব্যাহত আছে শীতল যুদ্ধ। প্ৰতিৰক্ষা ক্ষেত্ৰৰ উপৰিও দুয়োখন দেশ অন্য ক্ষেত্ৰত কিমান শক্তিশালী তাক লৈও চৰ্চা হৈছে।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, প্ৰতিৰক্ষা ক্ষেত্ৰতে নহয় পাকিস্তানত মজুত থকা সোণৰ ক্ষেত্ৰতো বহুগুণ আগত আছে ভাৰত। ২০২৫ৰ জানুৱাৰীত পাকিস্তানে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ আছে যে, দেশখনত জমা হৈ থকা মুঠ সোণৰ পৰিমাণ হৈছে ৬৪.৭টন।
ইয়াৰ বিপৰীতে ২০২৫ৰ মাৰ্চ মাহলৈকে ভাৰতত জমা হৈ থকা সোণৰ পৰিমাণ পাকিস্তানৰ সোণৰ পৰিমাণতকৈ প্ৰায় ২০০গুণ বেছি। পাকিস্তানত জমা হৈ থকা এই ৬৪.৭টন সোণৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫.৮৫৪বিলিয়ন ডলাৰ।
পাকিস্তানৰ বিপৰীতে ভাৰতত ২০২৫ৰ মাৰ্চলৈকে জমা হৈ থকা সোণৰ পৰিমাণ হৈছে ৮৭৯.৫৯টন। ইয়াৰো পৰি শেহতীয়াকৈ ভাৰতে ৰিৰ্জাভ বেংকত নতুনকৈ জমা থৈছে প্ৰায় ২৫টন সোণ। এই সকলোবোৰ মিলাই ভাৰতৰ এই সোণখিনিৰ মূল্য পাকিস্তানতকৈ বহু গুণে ওপৰত।