/asomiyapratidin/media/media_files/2025/06/08/U7b2Ikvcy1mCjcl7ehMU.jpg)
ডিজিটেল ডেস্কঃ সকলো মঞ্চতে লাজ পোৱাতো যেন পাকিস্তানৰ এক অভ্যাসলৈ পৰিণত হৈছে। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় ভিন্ন মঞ্চত লাজ-অপমান পোৱাৰ পাছত এইবাৰ ৰাষ্ট্ৰসংঘতো মুখ থেকেচা খালে পাকিস্তানে।
দৰাচলতে ৰাষ্ট্ৰ সংঘৰ মজিয়াত আলোচনা হবলগীয়া সন্ত্ৰাসবাদ সম্বন্ধীয় ৪টা বিশেষ আলোচনা চক্ৰ সমিতিৰ অধ্যক্ষতা কৰিবলৈ ইচ্ছা কৰিছিল পাকিস্তানে। সেই ইচ্ছা ব্যক্ত কৰি ৰাষ্ট্ৰ সংঘলৈ লিখিছিল চিঠি। কিন্তু এই আলোচনা চক্ৰত ভাগ লবলগীয়া সদস্য দেশসমূহে এই বিষয়ক লৈ আপত্তি দৰ্শাই আৰু শেষত পাকিস্তানক কেৱল মাত্ৰ এখন আলোচনা চক্ৰৰ অধ্যক্ষতাৰহে অনুমতি প্ৰদান কৰা হয়।
১৯৮৮চনৰ তালিবান প্ৰতিবন্ধকতা সম্পৰ্কীয় আলোচনা সত্ৰতহে এতিয়া অধ্যক্ষতা কৰিব পাৰিব পাকিস্তানে। শেহতীয়াকৈ ভাৰতৰ সৈতে পাকিস্তানৰ যি সন্ত্ৰাসবাদী কাৰ্যকলাপ, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সন্ত্ৰাসবাদী সম্পৰ্কীয় এই আলোচনা সত্ৰৰ অধ্যক্ষতাৰ পৰা আতৰাই ৰখা হয় পাকিস্তানক।