/asomiyapratidin/media/media_files/2025/05/07/DMv3ZZxaixugoy1d7RBK.jpg)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদক সমৰ্থন নকৰা বুলি বাৰে বাৰে স্পষ্টীকৰণ দি থকা পাকিস্তানে অৱশেষত নিজ কৰ্মৰ দ্বাৰাই এই স্পষ্টীকৰণক মিথ্যা বুলি প্ৰমাণ কৰিলে। অপাৰেচন সিন্দুৰ অভিযানে কোনো নিৰীহৰ প্ৰাণ লোৱা নাই বুলি ভাৰত চৰকাৰে দাবী কৰা পাছতো পাকিস্তান চৰকাৰে মৃতকক ৰাষ্ট্ৰীয় মৰ্য্যদা প্ৰদান কৰা বিষয়টোৱে দুমুখীয়া পাকিস্তানৰ স্বৰূপ উদঙাইছে।
উল্লেখযোগ্য যে, ভাৰতত নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদী সংগঠনৰ নেতা-কেডাৰৰ জানাজাত পাকিস্তানী সেনা বিষয়া উপস্থিত থকা লগতে মৃতকৰ নশ্বৰ দেহত পাকিস্তানৰ পতাকা প্ৰদান কৰা কাৰ্যত দেশখনৰ চৰকাৰ তথা প্ৰশাসনৰ মানসিকতা প্ৰকাশ পাইছে।
আজি জানাজা কাৰ্যসূচীত সেনাৰ লগতে কেইবাগৰাকীও ৰাজনৈতিক নেতা তথা পাক প্ৰধানমন্ত্ৰী উপস্থিত থাকি সন্ত্ৰাসবাদীক ছহিদ ঘোষণা কৰা কাৰ্যত সন্ত্ৰাসবাদৰ প্ৰতি থকা তেওঁলোকক সমৰ্থন সঁচা বুলি প্ৰমাণ কৰিছে।
সন্ত্ৰাসবাদৰ বাবেই বিশ্বজুৰি পৰিচিত পাকিস্তানে বাৰে বাৰে নিজকে ধোঁৱা তুলসীৰ পাত হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আহিছে যদিও আজিৰ এই ঘটনাই সকলো বিশ্বৰ আগত সকলো স্পষ্ট কৰি দিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us