পাক সেনাৰ আক্ৰমণ : লাইন অৱ কণ্ট্ৰ’লৰ সমীপত এজন ভাৰতীয় সেনা জোৱান নিহত

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ মাজতে লাইন অৱ কণ্ট্ৰ’ল চমুকৈ এল অ’ চিৰ সমীপত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এই এলেকাটোত পাক সেনাই চলোৱা আক্ৰমণত এজন ভাৰতীয় সেনা জোৱানে

author-image
Asomiya Pratidin
New Update
পাক সেনাৰ আক্ৰমণ : লাইন অৱ কণ্ট্ৰ’লৰ সমীপত এজন ভাৰতীয় সেনা জোৱান নিহত

পাক সেনাৰ আক্ৰমণ : লাইন অৱ কণ্ট্ৰ’লৰ সমীপত এজন ভাৰতীয় সেনা জোৱান নিহত

ডিজিটেল ডেস্ক : পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ মাজতে লাইন অৱ কণ্ট্ৰ’ল চমুকৈ এল অ’ চিৰ সমীপত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এই এলেকাটোত পাক সেনাই চলোৱা আক্ৰমণত এজন ভাৰতীয় সেনা জোৱানে অকাল মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় ভাৰতীয় সেনা জোৱানজন। জানিব পৰা মতে, নিহত জোৱানজনৰ নাম মুৰালী নাইক(২৭)। জোৱানজনৰ ঘৰ আছিল অন্ধ্ৰপ্ৰদেশৰ গোৰান্তালা মণ্ডলত।

দেশ মাতৃৰ সেৱাত নিয়োজিত মুৰালীৰ অকাল বিয়োগত তেওঁৰ জন্মস্থানত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। 

india war