/asomiyapratidin/media/media_files/2025/05/10/J5KgLd6MJpEp4XKgaZBy.jpg)
ডিজিটেল ডেস্কঃ শুধৰণি নহ'ল পাকিস্তানৰ। পুনৰ সীমান্ত অশান্ত কৰি পাকিস্তানে কৰিলে যুদ্ধবিৰতি উলংঘন। দিনটোত তৃতীয়বাৰৰ বাবে সংবাদমেল সম্বোধন কৰি এই তথা স্পষ্ট কৰিছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে।
সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, "যোৱা কিছুদিন ধৰি চলি থকা সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে আজি সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ'ৰ মাজত বুজাবুজি হৈছিল। যোৱা কেইঘণ্টামানৰ পৰা এই বুজাবুজি উলংঘা কৰি আছে পাকিস্তানে। ভাৰতীয় সেনাই এই সীমান্তত অনুপ্ৰৱেশৰ প্ৰতিশোধ লৈ মোকাবিলা কৰি আছে। এই অনুপ্ৰৱেশ অত্যন্ত নিন্দনীয় আৰু ইয়াৰ বাবে পাকিস্তান দায়ী।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সেনাক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। এই সংক্ৰান্তো সংবাদমেলত মিশ্ৰীয়ে কয় যে, সশস্ত্ৰ বাহিনীয়ে পৰিস্থিতিৰ ওপৰত কঠোৰ সতৰ্কতা বজাই ৰাখিছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে সীমান্তৰ উলংঘাৰ পুনৰাবৃত্তিৰ যিকোনো দৃষ্টান্তৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।