/asomiyapratidin/media/media_files/2025/03/16/YMTarWj5OUaCa4P9JqBB.jpg)
বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ১২৫ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শিলচৰত চিত্ৰ প্ৰদৰ্শনী
ডিজিটেল সংবাদ, শিলচৰ : বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ১২৫ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে শিলচৰ গান্ধী মেলা প্ৰাঙ্গনত এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰে নজৰুল ইছলামৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন সমিতিয়ে। প্ৰদৰ্শনী উদ্বোধন কৰে সমিতিৰ সভাপতি চিহাব উদ্দিন আহমেদে।
উল্লেখযোগ্য যে কবি নজৰুলৰ জীৱনৰ কিছুমান বিৰল ফটোগ্ৰাফী এই চিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হয়। স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ শোষণ, অত্যাচাৰৰ বিৰুদ্ধে কবি গৰাকীয়ে যিদৰে প্ৰতিবাদ কৰিছিল, ঠিক তেনেকৈ সামাজিক বৈষম্য, ধৰ্মীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ চেষ্টা কৰিছিল।
গতিকে বৰ্তমান সময়ত এখন শোষণমুক্ত সমাজ গঢ়ি তুলিবলৈ হ'লে কাজী নজৰুল ইছলামৰ আদৰ্শ গ্ৰহণ কৰা প্ৰয়োজন বুলি চিত্ৰ প্ৰদৰ্শনীত ভাষণ দিয়া বক্তাসকলে সকলোকে আহ্বান জনায়।