Advertisment

লাচিত দিৱস উপলক্ষে লাচিত সংঘৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস, সাহসৰ প্ৰতীক আৰু গৌৰৱ বীৰ লাচিত বৰফুকনৰ আজি ৪০২সংখ্যক জন্মজয়ন্তী। মহাবীৰগৰাকীৰ সোঁৱৰণৰ আজি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্ত উদযাপিত হৈছে লাচিত দিৱস। 

author-image
Asomiya Pratidin
New Update
la

ডিজিটেল ডেস্ক :  অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস, সাহসৰ প্ৰতীক আৰু গৌৰৱ বীৰ লাচিত বৰফুকনৰ আজি ৪০২সংখ্যক জন্মজয়ন্তী। মহাবীৰগৰাকীৰ সোঁৱৰণৰ আজি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্ত উদযাপিত হৈছে লাচিত দিৱস। 

Advertisment

প্ৰতিবছৰৰ দৰে এইবেলিও গাম্ভীৰ্যপূৰ্ণ তথা দিনজোৰা কাৰ্যসূচীৰে চানমাৰিৰৰ মামনি ৰয়ছম গোস্বামী পথত থকা লাচিত সংঘইও উদযাপন কৰে লাচিত দিৱস। অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে লগতে কণ কণ ছাত্ৰ- ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা ।

চিত্ৰাংকন প্ৰতিযোগিতাখনি ৩টা শাখাত অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰী- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ক শাখাত প্ৰথম স্থান লাভ কৰে গুৰুকুল গ্ৰামাৰ স্কুলৰ বিকি ৰাজ কাশ্যপে। একেদৰে দ্বিতীয় স্থান লাভ কৰে ব্লু পাইন স্কুলৰ হিমৰাজ ডেকাই। আনহাতে তৃতীয় স্থান লাভ কৰে ছেণ্টমেৰিজ উঃ মাঃ বিদ্যালয়ৰ আদৰ্শা দত্তই।

ইফালে খ শাখাত প্ৰথম স্থান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ বাস্তৱ দাসে। দ্বিতীয় স্থান লাভ কৰে নিৰ্জুমন বৰা আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে কৃষাণু শৰ্মা আৰু সোণাইঘুলি ডন বস্কৰ ছাত্ৰী কৃতিকা টেৰাংপিয়ে। একেদৰে গ শাখাত প্ৰথম স্থান লাভ কৰে শিশু নিকেতনৰ জোনাইড আয়োৱে। দ্বিতীয় স্থান লাভ কৰে এনি কাশ্যপ আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে মাৰিয়া পাব্লিক স্কুলৰ ছাত্ৰী শ্ৰেয়াশ্ৰী চৌধুৰী আৰু তনুশ্ৰী পৰাশৰে।  

উল্লেখ্য যে এইবেলি লাচিত সংঘই দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। পদ্মশ্ৰী সন্মান প্ৰাপক,  আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্ত আৰু কৃতী সেনা বিষয়া , বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰক লাচিত দিৱসৰ দিনটোত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে লাচিত সংঘই।

LACHIT BORPHUKAN