পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত লংকাকাণ্ডঃ উচ্ছেদিৰ অভিযোগ ন্যায়ালয়ৰ নিৰ্দেশ মনা নাই প্ৰশাসনে

পাইকান সংৰক্ষিত বনাঞ্চলত আজি হোৱা লংকাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্ছেদিতস্থলীত আৰক্ষীৰ গুলীত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

author-image
Tushar Pratim
New Update
পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত লংকাকাণ্ডঃ উচ্ছেদিৰ অভিযোগ ন্যায়ালয়ৰ নিৰ্দেশ মনা নাই  প্ৰশাসনে

ডিজিটেল ডেস্কঃ পাইকান সংৰক্ষিত বনাঞ্চলত আজি হোৱা লংকাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্ছেদিত আৰু প্ৰশাসনৰ মাজৰ সংঘাতৰ ফলত ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হোৱাৰ লগতে দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। 

Advertisment

ঘটনাক লৈ সামাজিক মাধ্যমত ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈ সকলোৱে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰে একাংশই উচ্ছেদিতই আৰক্ষী আৰু বন বিভাগৰ লোকক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰা ঘটনাক সমালোচনা কৰি এনে আচৰণ বাংলাদেশীৰ বুলি মন্তব্য কৰিছে। 

আনহাতে আন একাংশই আকৌ এই পৰিস্থিতিৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ থকাও প্ৰত্যক্ষ কৰিছে। বহুতেই ৰাহুল গান্ধী, মল্লিকাৰ্জনু খাৰ্গেৰ অসম ভ্ৰমণৰ পিছৰ দিনটোতে এইদৰে জটিল পৰিস্থিতিৰ সূচনা হোৱাত উচ্ছেদিতই কাৰ সাহসত এইদৰে আচৰণ কৰিবলৈ পাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছৰ প্ৰতিয়েই প্ৰকাৰন্তৰে আঙুলি দেখুৱাবলৈ চেষ্টা কৰিছে।

আন একাংশই আকৌ উচ্ছেদিত লোকসকলক উত্তেজিত হ’বলৈ প্ৰশাসন তথা চৰকাৰেই বাধ্য কৰাইছে বুলিও  দাবী কৰিছে। তেওঁলোকৰ মতে এই পৰিস্থিতি চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা সৃষ্টি কৰা হৈছে। 

উচ্ছেদিতই ক’লে ন্যায়ালয়ৰ নিৰ্দেশ মনা নাই চৰকাৰে

পাইকান সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উচ্ছেদস্থলীত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত থকা প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত এগৰাকী উচ্ছেদিতই অভিযোগ কৰি কয়- প্ৰশাসন, চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰা নাই। 

উল্লেখ্য যে, ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই পাইকাৱ সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰা বুলি চৰকাৰে দাবী কৰিছে। সেই অনুসৰি ইতিমধ্যে পাইকান সংৰক্ষিত বনাঞ্চল দখল কৰি বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰা হৈছিল। এই উচ্ছেদিতসকলে সেই স্থানতেই অস্থায়ী তম্বু স্থাপন কৰি বাস কৰি আছিল। 

আজি এজন স্থানীয় লোকে কয়, ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰা হৈছিল। কিন্তু ন্যায়ালয়ৰ সেই নিৰ্দেশ পালন কৰা হোৱা নাই।  
উচ্ছেদিত সেই লোকজনে আৰু কয়, বুধবাৰে উচ্ছেদিত পৰিয়ালসমূহক খাদ্য বিতৰণ কৰা হৈছিল। কিন্তু সেই খাদ্যৰ মানদণ্ডও আছিল অতি নিম্ন মানৰ। যাৰ বাবে সেই খাদ্যও বহুতেই গ্ৰহণ কৰা নাছিল।

কিদৰে সংঘটিত হৈছিল উত্তপ্ত পৰিস্থিতিৰ?

বৃহস্পতিবাৰে পুৱা পাইকান সংৰক্ষিত বনাঞ্চলৰ পূৰ্বে উচ্ছেদ হোৱা স্থানত আৰক্ষী, বন বিভাগৰ এটা দলগৈ উপস্থিত হৈছিল। দলটোৰ লগত আছিল জেচিবিকে ধৰি বিভিন্ন বাহন।

ইতিমধ্যে সেই স্থানত অস্থায়ী তম্বুত বাস কৰা লোকসকলে জেচিবিৰে সৈতে সুসজ্জিত আৰক্ষী আৰু বন বিভাগৰ দলটোক প্ৰত্যক্ষ কৰে। এই দলটো সেই অঞ্চলত প্ৰৱেশ কৰাৰ পিছতেই অভিযোগ মতে উচ্ছেদিতলোকসকলে সকলো পথ বন্ধ কৰি দিয়ে। 

ইফালে বন বিষয়া জদীশ বৰ্মনে জেচিবিক সেই ঠাইত এটা ডাঙৰ গাত খান্দিবলৈয়ো নিৰ্দেশ দিয়ে। উচ্ছেদিত লোকসকলে এইগৰাকী বন বিষয়াৰ নিৰ্দেশতে উচ্ছেদিত পৰিয়ালকসমূহক পুনৰ সেই স্থানৰ পৰা উচ্ছেদ কৰাৰ চেষ্টা কৰা বুলি পতিয়ন যায় আৰু ক্ষোভৰ সৃষ্টি হয়। তেওঁলোকে আৰক্ষী, বন বিষয়াৰ লোকসকলক লক্ষ্য কৰি লৈ শিলাবৰ্ষণ কৰে। এই শিলাবৰ্ষণত কেইবাজনো আৰক্ষী, বন বিভাগৰ লোক আহত হয়। 

আন এক অভিযোগ অনুসৰি বন বিষয়া জদীশ বৰ্মনে উচ্ছেদিত সেই লোকসকলক চৰম ভাবুকি প্ৰদান কৰিছিল। প্ৰয়োজন হ’লে পকেটৰ ধন খৰচ কৰি হ’লেও তেওঁলোকক গুলীয়াবলৈ কুণ্ঠাবোধ নকৰে বুলিও তেওঁ কয় বুলি অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ ফলতে দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় বুলিও অভিযোগ উঠিছে। 

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ আজিৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, এই গুলীচালনাত বিদ্যাপাৰাৰ ছাকুৱাত হুছেইন নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে কুতুবুদ্দিন আলী নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়৷ 

আহত কুতুবুদ্দিন আলীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু ঘটে৷ ইফালে উত্তেজিত লোকসকলে পৰিস্থিতি অধিক শোচনীয় কৰি পাইকানৰ এখন বিদ্যালয়ৰ পুৰণি গৃহত অগ্নিসংযোগ কৰে৷ পিছত অগ্নি সংযোগ কৰা দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই পাইকানৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পাইকানৰ উচ্ছেদিত অঞ্চলত গছপুলি ৰোপণ কৰাৰ লগতে যিসকল লোকে প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁলোকৰ ওপৰত গোচৰৰ ব্যৱস্থা লোৱা হ’ব৷

তেওঁ ৰু কয়, ‘‘তাততো (পাইকান) উচ্ছেদ হৈ গ’ল৷ এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ’ব, ব্যৱস্থা হ’ব৷ কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্য হৈছে যে বৃক্ষৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা৷’’

উচ্ছেদ অভিযান